নিউজ ডেস্কঃ কোভিড ১৯ৰ কবলৰ পৰা মুক্তি হ’বলৈ বৈজ্ঞানিক সকলে অহৰহ ঔষধ আৰু ভেকচিন প্ৰস্তুতৰ কাৰণে পৰীক্ষা-নিৰীক্ষা চলাই আছে।

হাইদৰাবাদৰ ড০ ৰেড্ডীৰ লেবৰেটৰিজে ডিআৰএলৰ সহযোগত ডিআৰডিঅ’ৰ এক আগশাৰীৰ পৰীক্ষাগাৰ ইনষ্টিটিউট অফ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ (আইএনএমএএছ)ৰ দ্বাৰা উত্‍পাদন কৰিছে ২ডিঅক্সি ডি গ্লুকোজ। এই ঔষধটো কোভিড-১৯ ৰোগীৰ বাবে এক এণ্টি-ভাইৰেল ঔষধ।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ডিআৰডিঅ’ৰ ২ ডিজি কোভিড১৯ ঔষধৰ মূল্য ৯৯০টকা নিৰ্ধাৰণ কৰা হৈছে।

পিছে এই ঔষধটো চৰকাৰী চিকিৎসালয়সমূহে ৰেহাই মূল্যত প্ৰদান কৰিব।

INMASৰ বিজ্ঞানীৰ মতে এই ঔষধটোৱে কোৰোনা ৰোগী সকলক অতি সোনকালে আৰোগ্য হোৱাত সহায় কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ১৭ মে’ত আৰম্ভ কৰাৰ পিছত ঔষধটোৱে যথেষ্ট সমাদৰ লাভ কৰিছে।


ড. ৰেড্ডীৰ গৱেষণাগাৰৰ মতে, ঔষধটো জুনৰ মাজভাগত বাণিজ্যিকভাৱে মুকলি কৰা হ’ব।

ইফালে, বৃহস্পতিবাৰে ড০ ৰেড্ডীৰ লেবৰেটৰিজে ২-ডিজিৰ দ্বিতীয় ড’জ মুকলি কৰে। জুনৰ প্ৰথম সপ্তাহত ব্যাপক উৎপাদন আৰম্ভ হ’ব বুলি আশা কৰা হৈছে।

আৰু পঢ়কঃবি টি আৰত অৰুণােদয় আৰু স্বয়ম আঁচনি ৰূপায়ণৰ প্রস্তুতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply