নিউজ ডেস্কঃ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ঘোষণা কৰিছে যে মন্ত্ৰালয়ে ভাৰত-চীন সীমান্তৰ গাঁৱে-ভূঞে দূৰৈৰ অঞ্চলত বিনামূলীয়া দূৰদৰ্শন ডি টি এইচ সংযোগৰ যোগান নিশ্চিত কৰিব।  তেওঁ লগতে কয় যে এই দুৰ্গম গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে উন্নত মোবাইল সংযোগ শীঘ্ৰে সুনিশ্চিত কৰা হ’ব আৰু চৰকাৰে এই অঞ্চলসমূহৰ সৰ্বোচ্চ সংযোগ সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

 লেহৰ পৰা প্ৰায় ২১১ কিলোমিটাৰ দূৰৈৰ লাডাখৰ কাৰ্জোক গাঁৱত গাঁৱৰ ৰাইজৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা কয়।

 স্মৰণীয় যে ডিডি “ফ্ৰীডিছ”ৰ মঞ্চৰ জৰিয়তে দূৰ-দূৰণিৰ আৰু সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ কাষ চপাৰ লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে সীমান্ত অঞ্চলৰ গাঁৱে-ভূঞে ১.৫ লাখ বিনামূলীয়া ফ্ৰীডিছ সংযোগ বিতৰণৰ প্ৰস্তাৱ আগবঢ়াইছে।

সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ বাবে চৰকাৰ দায়বদ্ধ বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী ঠাকুৰে স্থানীয় গাঁওবাসীক আশ্বাস দিয়ে যে তেওঁলোকৰ উন্নত ডিজিটেল সংযোগ আৰু পথ সংযোগ, পৰ্যটনৰ আন্তঃগাঁথনি বৃদ্ধি, ক্ৰীড়া আন্তঃগাঁথনি আৰু উন্নত জল জীৱন অভিযানৰ দাবীসমূহো অগ্ৰাধিকাৰ ভিত্তিত কাৰ্যকৰী কৰা হ’ব।

 চৰকাৰৰ সজীৱ গাঁও কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লেহ-লাডাখলৈ তিনিদিনীয়া এক বিস্তৃত ভ্ৰমণত যায়, য’ত তেওঁ কাৰ্জক গাঁৱত থাকে, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ আঁচনিসমূহ পৰ্যালোচনা কৰে আৰু কাৰ্জোকত ক্ৰীড়া সঁজুলি, ভাৰত-চীন সীমান্তত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৫০০০ ফুট উচ্চতাত অৱস্থিত কাৰ্জক প্লাটুন পোষ্টত আইটিবিপিৰ জোৱানসকলৰ সৈতে যোগাযোগ কৰে।
চৰকাৰৰ বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসাৰতা মূল্যায়ন কৰাৰ লগতে ভাৰত-চীন সীমান্তৰ দুৰ্গম সীমান্ত গাঁৱৰ বাসিন্দাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও প্ৰত্যক্ষভাৱে বুজি পোৱাৰ লক্ষ্যৰে মন্ত্ৰীগৰাকীয়ে স্থানীয় গাঁওবাসীৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ সৈতেও ঘনিষ্ঠ মত বিনিময় কৰে।

বিষয়া আৰু স্থানীয় প্ৰতিনিধিৰ এটা দলৰ সৈতে মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে খাৰনাক আৰু ছামাদৰ স্থানীয় গাঁওবাসীৰ লগতে অন্যান্যসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগ আৰু আকাংক্ষাৰ কথা শুনে।  খাৰনাকত তেওঁ দাধ খাৰনাকৰ ঘাইপথ সংযোগী পিএমজিএছৱাই পথটো উদ্বোধন কৰে।
মন্ত্ৰীগৰাকীয়ে সৌৰশক্তি, খোৱাপানী, ৩২টা পৰিয়ালৰ বাবে গৃহ নিৰ্মাণ, চাইকেল ট্ৰেক, কৃত্ৰিম হ্ৰদ, আৰু পৰ্যটন ৰাজসাহায্যৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে।  ইয়াৰ উপৰিও সীমান্ত সুৰক্ষা, পথৰ উন্নয়ন, ভ্ৰাম্যমাণ টাৱাৰ, বন্যপ্ৰাণীৰ সমস্যা, ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমত অন্তৰ্ভুক্তি, এটা অঞ্চলত যাযাবৰী লোকৰ বসতি সম্পৰ্কেও তেওঁ আলোচনা কৰে।

স্থানীয় লোকৰ সৈতে হোৱা এক আদান-প্ৰদানৰ সময়ত মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পিছত লাডাখত বহু উন্নয়ন হৈছে যেনে প্ৰত্যক্ষ পুঁজি, ২৪ ঘণ্টীয়া বিদ্যুৎ, সৌৰ উদ্যোগ স্থাপন, ২১০০০ কোটি টকাৰ আল্ট্ৰা মেগা সৌৰ উদ্যোগ  , জীৱিকাৰ সুযোগ বৃদ্ধি, আৰু লেহত ৩৭৫টা মোবাইল টাৱাৰৰ অনুমোদন।

লগতে পঢ়ক – সীমান্ত সুৰক্ষা বিভাগৰ বিষয়া সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply