নিউজ ডেস্ক : নতুন আইটি নিয়ম অনুসৰণ কৰিবলৈ চৰকাৰে বৃহস্পতিবাৰে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰ (twitter)-ক ‘চূড়ান্ত সতৰ্কবাণী’ জাৰি কৰিছে। একে সময়তে, চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে যদি ই এনে নকৰে, কোম্পানীটোৱে ‘ফলাফল’ৰ বাবে সাজু থাকিব লাগে।

চৰকাৰে কৈছে, ‘টুইটাৰক তৎক্ষণাৎ নিয়ম অনুসৰণ কৰিবলৈ চূড়ান্ত জাননী দিয়া হৈছে। ইয়াত বিফল হ’লে, তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৭৯ ৰ অধীনত ৰেহাই বাতিল কৰা হ’ব আৰু তথ্য প্ৰযুক্তি আইন আৰু অন্যান্য আইনৰ ওপৰত আধাৰিত জৰিমনাসমূহৰ বাবে টুইটাৰ দায়বদ্ধ হ’ব।’

চৰকাৰে আগতে কোম্পানীটোক ভাৰতীয় বিষয়াৰ নিয়োগ আৰু তথ্য ভাগ বতৰা কৰিবলৈ কৈছিল। গুগল, ফেচবুকৰ আদি কোম্পানীয়ে চৰকাৰৰ নতুন নিয়ম গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰ আৰু টুইটাৰৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা বিবাদৰ মাজতে আজি কোম্পানীটোৱে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম. ভেংকয়া নাইডুৰ নিলা টিক (blue tick) আঁতৰাই পেলাইছিল। অৱশ্যে, পিছত ইয়াক পুনৰ দিয়া হৈছিল।

লগতে পঢ়ক : নিৰস্ত্ৰ লোকক গুলীয়াই হত্যা অসম ৰাইফলছৰ; মণিপুৰত উত্তেজনা

ভেংকয়া নাইডুৰ উপৰি টুইটাৰে আৰ এছ এছ ৰ মূৰব্বী মোহন ভাগৱতৰো নিলা টিক (blue tick) আঁতৰাই পেলাইছিল, অৱশ্যে পিছত তেওঁৱো নীলা টিক ওভতাই পায়।

টুইটাৰে ভেংকয়া নাইডুৰ টুইটাৰৰ পৰা নীলা টিক আঁতৰোৱাৰ কাৰণ হিচাপে উল্লেখ কৰিছে যে উপ ৰাষ্ট্ৰপতিগৰাকীৰ তৰফৰ পৰা তেওঁৰ একাউণ্টটো দীঘলীয়া সময় ধৰি লগ ইন হোৱা নাছিল।

আনহাতে, যোৱা ৪ জুনত নাইজেৰিয়া চৰকাৰে দেশখনত অনিৰ্দিষ্টকালৰ বাবে টুইটাৰক বন্ধ ৰখাৰ কথা ঘোষণা কৰে। দেশখনৰ চৰকাৰৰ অভিযোগ অনুসৰি টুইটাৰে দেশখনৰ ‘বাণিজ্যিক সহাৱস্থান’ (corporate existence)-ৰ বিৰুদ্ধে যোৱাৰ বাবে প্ৰতিষ্ঠানটোৰ ওপৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে নাইজেৰিয়াত টুইটাৰ বন্ধ কৰাৰ দুদিন পূৰ্বে মাইক্ৰ’ব্লগিং প্লেটফৰ্মটোয়ে দেশখনৰ ৰাষ্ট্ৰপতি মুহামড্ডু বুহাৰিৰ এটা ‘আপত্তিজনক’ টুইট ডিলিট কৰাৰ লগতে তেওঁৰ একাউন্টটো ১২ ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply