নিউজ ডেস্কঃ ভাৰত চৰকাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ৰেংকিঙৰ আনুষ্ঠানিক সদস্য নহয়। ৰেংকিঙৰ বাবে পৰিচালনা কৰা সংস্থা ‘ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ৰ দ্বাৰা লোৱা সিদ্ধান্তৰ সৈতে ভাৰত চৰকাৰ সন্মত নহয় বুলি আজি সংসদত উল্লেখ কৰা হৈছে।

সাংসদ অখিলেশ প্ৰসাদ সিঙৰ এটা লিখিত প্ৰশ্নৰ বাবদত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাজ্যসভাত কয় যে, “ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ তালিকা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ নামৰ এটা বিদেশী বেচৰকাৰী সংগঠনে প্ৰকাশ কৰে। এই তালিকা ৰেংকিঙৰ বাবে ভাৰতে অংশগ্ৰহণ নকৰে আৰু সংগঠনটোৱে লোৱা সিদ্ধান্তত সন্মত নহয়”।

ভাৰত চৰকাৰ সন্মত নোহোৱা কাৰণত অনুৰাগ ঠাকুৰে কয় যে, সংগঠনটোৱে অতি কম তথ্য হে সংগ্ৰহ কৰে, যিয়ে গণতন্ত্ৰৰ মৌলিক বিষয়বোৰৰ প্ৰতি সামান্য বা কোনো গুৰুত্ব নিদিয়ে। লগতে তেওঁলোকে গ্ৰহণ কৰা তথ্যবোৰ সন্দেহজনক আৰু অস্বচ্ছ পদ্ধতি”।

সাংবাদিকৰ সুৰক্ষাৰ বিষয়ত ঠাকুৰে কয় যে, কেন্দ্ৰীয় চৰকাৰে সাংবাদিককে ধৰি দেশৰ প্ৰতিজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাক সৰ্বাধিক গুৰুত্ব দিয়ে। ২০১৭ চনৰ অক্টোবৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাংবাদিকসকলৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি চৰকাৰসমূহলৈ বিশেষভাৱে এক পৰামৰ্শ জাৰী কৰা হৈছিল। যাৰ দ্বাৰা সংবাদ মাধ্যমৰ লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এখন আইন বলবৎ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

ৱাইএছআৰচিপিৰ সদস্য আদালা প্ৰভাকৰ ৰেড্ডীৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, “সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰখাৰ নীতি অনুসৰি চৰকাৰে সংবাদ মাধ্যমৰ কাম-কাজত হস্তক্ষেপ নকৰে।”

লগতে, তেওঁ কয় যে, সংবাদ মাধ্যমৰ স্বাধীনতা সংৰক্ষণ আৰু দেশৰ বাতৰি কাকত আৰু সংবাদ সংস্থাসমূহৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰেছ কাউন্সিল আইন, ১৯৭৮ অধীনত এক বিধিবদ্ধ স্বায়ত্তশাসিত সংস্থা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া (পিচিআই) গঠন কৰা হৈছে। পিচিআইয়ে সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস, সাংবাদিকৰ ওপৰত শাৰীৰিক আক্ৰমণ আদি সম্পৰ্কে ‘সংবাদ মাধ্যমৰ দ্বাৰা’ দাখিল কৰা অভিযোগসমূহ বিবেচনা কৰে।

তেওঁ লগতে যোগ দিয়ে, সকলো চেনেলে টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫-ৰ অধীনত কাৰ্যসূচী সংহিতা মানি চলিব লাগিব। আনহাতে, ডিজিটেল সংবাদ প্ৰকাশকসকলৰ বাবে, চৰকাৰে তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ অধিসূচনা জাৰি কৰিছে।

ইফালে, শিৱসেনাৰ সাংসদ অনিল দেশাই প্ৰশ্ন কৰে যে, ভাৰতৰ সংবিধানৰ অধীনত মত প্ৰকাশৰ স্বাধীনতা নিশ্চিত নে? আৰু ইলেক্ট্ৰনিক বা প্ৰিণ্ট মিডিয়াত ইয়াৰ অপব্যৱহাৰৰ ওপৰত কোনো বাধা আছে নেকি?

লগতে পঢ়ক – ১ এপ্ৰিলৰ পৰা টুইটাৰৰ ব্লু টিকৰ বাবে দিব লাগিব মূল্য

দেশাইৰ প্ৰশ্নৰ উত্তৰত ঠাকুৰে কয় যে বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা অনুচ্ছেদ ১৯(১)ৰ অধীনত নাগৰিকসকলৰ বাবে সাংবিধানিকভাৱে নিশ্চিত মৌলিক অধিকাৰ আৰু অনুচ্ছেদ ১৯(২)ত উল্লেখ কৰা অনুসৰি প্ৰতিবন্ধকতা আছে।

“অনুচ্ছেদ ১৯(২)ৰ অধীনত, ৰাজ্যখনক ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ স্বাৰ্থত অধিকাৰৰ কাৰ্যকলাপ, ৰাজ্যৰ নিৰাপত্তা, বিদেশী ৰাজ্যৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক, ৰাজহুৱা শৃংখলা, শালীনতা বা নৈতিকতা বা আদালতৰ অৱমাননা, মানহানি বা অপৰাধৰ বাবে উচতনি দিয়াৰ সন্দৰ্ভত যুক্তিসঙ্গত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ক্ষমতা দিয়া হৈছে, “ঠাকুৰে লগত যোগ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply