নিউজ ডেস্কঃ গ্ৰীচত দুৰ্ঘটনাগ্ৰস্ত হয় ইউক্ৰেইনৰ পৰা বাংলাদেশ অভিমুখী ইউক্ৰেইনৰ সামৰিকবাহিনীৰ বিমান। নিশা উত্তৰ গ্ৰীচৰ কাভালাত উদ্ধাৰ হয় বিমানখনৰ ধ্বংসাৱশেষ। এই দুৰ্ঘটনাত সামৰিক বাহিনীৰ আঠজনকৈ লোকৰ মৃত্যু হৈছে। মৃত গোটেইকেইজনেই ইউক্ৰেইনৰ নাগৰিক।

সংবাদ সংস্থা reutersৰ মতে, ইউক্ৰেইনৰ ছাৰ্বিয়াৰ পৰা এন্টনভ এএন-১২ বিমানখনে অস্ত্ৰ-শস্ত্ৰ লৈ বাংলাদেশলৈ উৰা মাৰিছিল।  বিমানখনে প্ৰায় ১১মেট্ৰিক টন সামৰিক সৰঞ্জাম কঢ়িয়াই লৈ গৈছিল।  মাজ আকাশতে হঠাত বিমানখনৰ বিজুতি ঘটাত পাইলটজনে গ্ৰীচত জৰুৰী অৱতৰণ কৰিবলৈ লৈছিল যদিও অলপ পিছতে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু বিমানখন দাউদাউকৈ জ্বলি বিস্ফোৰিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply