সোণাৰি: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত গ্ৰেণেড বিস্ফোৰণ ঘটিছে।
নগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱাৰ চেংলিছো বস্তিত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। জানিব পৰা মতে নগা উগ্ৰপন্থী সংগঠন NSCN(KYA) গ্ৰেণেড বিস্ফোৰণ ঘটাই।
বৃহস্পতি বাৰে নিশা সংঘটিত এই বিস্ফোৰণৰ ফলত ক্ষয়ক্ষতিৰ সবিশেষ তথ্য পোৱা নাই যদিও এখন জেচিবি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি চেংলিছু বস্তিৰ বিধ্বস্ত পথ মেৰামতি কৰি দিবলৈ আছাম ৰাইফলচক সেই বস্তিটোৰ বাসিন্দাই অনুৰোধ জনাইছিল।
সেই অনুসৰি আছাম ৰাইফলচৰ তৰফৰ পৰা এখন এক্সেভেটৰ প্ৰেৰণ কৰি পাহাৰীয়া ওখোৰা-মোখোৰা পথটো মেৰামতি কৰি থকা সময়তে নগা উগ্ৰপন্থী সংগঠনটোৱে এক্সেভেটৰ খনলৈ গ্ৰেণেড নিক্ষেপ কৰে। হতাহতৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই |
লগতে পঢ়ক উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ গ্ৰাম্য পথৰ নিৰ্মাণৰ শুভাৰম্ভ