নিউজ ডেস্ক : গুজৰাটৰ এটা ৰাসায়নিক কাৰখানা সংঘটিত আজি এক ভয়ংকৰ বিস্ফোৰণত ২জন লোকে প্ৰাণ হেৰোৱাৰ লগতে আন ১৪ জন লোক আহত হৈছে। ৰাজ্যখনৰ পঞ্চমহল জিলাত থকা Gujarat Fluorochemicals Limited (GFL) নামৰ ফেক্টৰীটোত সংঘটিত হৈছে এই ঘটনা।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আজি দিনৰ প্ৰায় ১০ বজাত পঞ্চমহল জিলাৰ গোঘাম্বা অঞ্চলত থকা ফেক্টৰীটোত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ শব্দ অঞ্চলটোৰ বহু দূৰলৈকে শুনা গৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰা মতে এই পৰ্যন্ত দুজন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৩-১৪ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে, ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক : জীয়াই আছে শ্বিনা বৰা! মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ চাঞ্চল্যকৰ দাবী