নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদান কৰে। আজি পুৱা আহমেদাবাদৰ এটা ভোটকেন্দ্ৰত মোদীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় আৰু অন্তিম পৰ্যায়ত ১৪ খন জিলাৰ ৯৩ টা সমষ্টিত পুৱা ৮ বজাৰ পৰা ভোটগ্ৰহণ চলি আছে সন্ধিয়া ৫ বজালৈকে ভোটগ্ৰহণ চলিব।

পুৱা প্ৰায় ৯.৩০ বজাত ভোটদান কৰি ভোটকেন্দ্ৰৰ পৰা ওলাই অহাৰ পিছত হাত জোকাৰি সাধাৰণ লোকসকলক সম্বোধন কৰা দেখা যায়।

ভোটকেন্দ্ৰৰ পৰা ওলাই অহাৰ পিছত, প্ৰধানমন্ত্ৰীয়ে তেওঁক স্বাগতম জনোৱাৰ বাবে সমবেত জনতাক তেওঁৰ কালিৰ আঙুলি দেখুৱাইছিল।

ইয়াৰ পিছতে তেওঁ খোজেৰে ভোটকেন্দ্ৰৰ ওচৰত অৱস্থিত জ্যেষ্ঠ ভাতৃ সোমা মোদীৰ ঘৰলৈ যায়।

আজি মুঠ ২৬,৪০৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই স্থানসমূহত ২৯,০০০ তকৈও অধিক প্ৰিজাইডিং বিষয়া আৰু ৮৪,০০০ ভোটগ্ৰহণ বিষয়া নিযুক্ত আছে। ৬১ টা ৰাজনৈতিক দলৰ ৮৩৩ জন প্ৰাৰ্থীৰ ভিতৰত ৭৬৮ জন পুৰষ আৰু ৬৯ গৰাকী মহিলা প্ৰাৰ্থী।

লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply