গুজৰাটৰ দৰিদ্ৰ শিশুৰ বাবে প্ৰস্তুত কৰিছে এক বিশেষ চকলেট।দৰিদ্ৰ আৰু পুষ্টিহীন শিশুৰ বাবে পুষ্টিৰে সমৃদ্ধ এই চকলেট তৈয়াৰ কৰিছে গুজৰাট বিজেপিয়ে। গুজৰাট বিজেপিৰ অধ্যক্ষ চি আৰ পাটিলে জনোৱা মতে, দৰিদ্ৰ শিশু সকলৰ বাবে এনাৰ্জী বুষ্টাৰ হিচাবে কাম কৰিব এই চকলেট।
পুষ্টিহীন শিশুসকলৰ বাবে প্ৰস্তুত কৰা চকলেটৰ নমুনা মঙলবাৰে সংসদীয় দলৰ বৈঠকৰ পূৰ্বে সাংসদসকলক দিয়া হৈছিল।চকলেটৰ ৰেপাৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক পদুম ফুল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ছবি ৰাখিছে।
ইয়াৰ লগতে দলৰ কৰ্মকৰ্তা সকলৰ বাবে বিশেষ ভাবে পাঁচটা টুপী তৈয়াৰ কৰিছে। দৰিদ্ৰ শিশুসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব লগীয়া এই বিশেষ চকলেটৰ পেকেটত বিজেপিৰ প্ৰতীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি থাকিবনে নাই সেই কথা গুজৰাট বিজেপিয়ে প্ৰকাশ কৰা নাই।