নিউজ ডেস্কঃ গুজৰাটৰ এখন কভিড হস্পিতালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ প্ৰায় ১৮ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

পেটেল ৱেলফেয়াৰ হস্পিতালত নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল এই ঘটনা।

ঘটনাস্থলীত অগ্নিনিৰ্বাপকবাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় লগতে ৰোগীসকলক উদ্ধাৰ কৰে।

ইতিমধ্যে এই ঘটনাত ১৮ গৰাকীৰ মৃত্যু হয়।

আৰু পঢ়কঃঅসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কভিড ৱাৰ্ডত অগ্নিকাণ্ড

জানিব পৰা মতে, ১৮ গৰাকীৰ ১৬ গৰাকী ৰোগী আৰু ২ গৰাকী হস্পিতালখনৰ নাৰ্ছ আছিল।

উল্লেখ্য যে, পেটেল ৱেলফেয়াৰ হস্পিতালত কৰোণা ৰোগীৰ ট্ৰিটমেণ্টৰ বাবে কোভিদ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply