নিউজ ডেস্ক : কভিড কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ল মছজিদ। ৰমজানৰ পবিত্ৰ মাহত গুজৰাটৰ মছজিদ কভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে মছজিদ কৰ্তৃপক্ষই। চিকিৎসলায় সমূহত কভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাত মছজিদত ৰোগী সকলক চিকিৎসা প্ৰদান কৰা হৈছে। ৰোগী সকলৰ বাবে খাদ্যৰ যোগান ধৰিছে মছজিদ কৰ্তৃপক্ষই।
কভিডৰ দ্বিতীয়টো ঢৌৱে দেশত কালৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত কভিড আক্রান্ত লোকৰ সংখ্যা লাখৰ ঘৰ স্পৰ্শ কৰিছে। কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে বহু লোক। দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে নিয়ন্ত্ৰণহীন হৈ পৰিছে কভিড মহামাৰী। আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পোৱাত চিকিৎসলায় সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।
চিকিৎসলায়ত কভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাত গুজৰাটৰ জাহাঙগীৰপুৰৰ এখন মছজিদ কভিড কেন্দ্ৰলৈ ৰূপান্তিৰ কৰা হয়। জাহাঙগীৰপুৰৰ ইছলাম ধৰ্মাৱলম্বী সমাজৰ লোক সকলে চিকিৎসলায়ত কভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাত মছজিদ কভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি কভিড ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ সুবিধা কৰি দিছে।
মছজিদ কমিটিৰ এগৰাকী সদস্যই এই সম্পৰ্কে কয় যে “চিকিৎসলায় সমূহত কভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হৈছে। আমি সেই বাবে মছজিদক কভিড ৰোগীৰ চিকিৎসাৰ বাবে কভিড কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিছোঁ। পবিত্ৰ ৰমজান মাহত ইয়াতকৈ উত্তম ইবাদত আৰু একো হ’ব নোৱাৰে।” সংকটৰ সময়ত সকলোৰে বাবে আগুৱাই অহা আটাইতকৈ ডাঙৰ আল্লাৰ ইবাদত বুলিও কয় মছজিদ কমিটিৰ সদস্য গৰাকীয়ে।
জাহাঙগীৰপুৰ মছজিদত ৫০ গৰাকী কভিড আক্রান্ত লোকক চিকিৎসা প্ৰদান কৰা হৈ আছে। ৰোগী সকলৰ খাদ্যৰ ব্যৱস্থাও মছজিদ কৰ্তৃপক্ষই কৰিছে। উল্লেখ্য যে গুজৰাটত কভিড পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। গুজৰাটৰ আহমদাবাদৰ অসামৰিক চিকিৎসলায় কভিড আক্রান্ত ৰোগীৰে ভৰি পৰিছে। চিকিৎসলায়ৰ বাহিৰত এম্বুলেন্সত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে কভিড ৰোগীক চিকিৎসা চলাই থকা বুলি জানিব পৰা গৈছে।