নিউজ ডেস্ক: গুৱাহাটীকে ধৰি উত্তৰ-পূবৰ তিনিটা বিমানবন্দৰক শীঘ্ৰে দশিণ-পূব এছিয়াৰ ৮খন প্ৰধান মহানগৰৰ সৈতে সংযোগ কৰা হ’ব। সোমবাৰে অসামৰিক বিমান মন্ত্ৰ্যালয়ে এই কথা ঘোষণা কৰে।

গুৱাহাটীৰ উপৰি উক্ত সেৱা আৰম্ভ হ’বলগীয়া আন দুটা বিমানবন্দৰ হৈছে আগৰতলা আৰু ইম্ফল বিমানবন্দৰ। নতুন বিমানকেইখনে উড়ান আচনিৰ গুৱাহাটী-বেংকক, গুৱাহাটী-কাঠমাণ্ডু, গুৱাহাটী-য়াংগোন, গুৱাহাটী-হানৈ, ইম্ফল-মাণ্ডালে, ইম্ফল-বেংকক, ইম্ফল-কুনমিং, আগৰতলা-ঢাকা আৰু আগৰতলা-চিতাগঙৰ মাজত যাত্ৰা কৰিব।

জানিব পৰা মতে অহা ৬ মাহৰ ভিতৰতে আগৰতলা-ঢাকা আৰু আগৰতলা-চিতাগঙৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হ’ব আৰু বিমান মন্ত্ৰ্যালয়ে আগ্ৰহী ব্যক্তিগত বিমান পৰিবহণ সংস্থাৰ পৰা এইক্ষেত্ৰত নিবিদা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।

লগতে পঢ়ক – তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ ক’ভিন্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply