হাইলাকান্দি জিলাৰ অসম-মিজোৰাম আন্তঃৰাজ্যিক সিমান্তত পুনৰ আক্ৰমণ মিজো দুৰ্বৃত্তৰ। সীমান্তৱৰ্তী গল্লাছেড়া গাঁৱত অগ্নি সংযোগ মিজো দৰ্বৃত্তৰ।
বিগত কেইবাদিন ধৰি অসম-মিজোৰাম সীমান্তৰ বিভিন্ন এলেকাত অব্যাহত আছে উত্তেজনা।
যোৱা দুদিন আগতে অসম মিজোৰাম সীমান্তৰ গুটগুটি এলাকাত মিজো লোক অসমৰ মাটিত ঘৰ নিমাৰ্ন লৈ উওপ্ত পৰিস্থিতি সৃষ্টি হৈছিল।আৰু দুদিনৰ আগতে ৰাতি অসম মিজোৰাম সীমান্তৰ গল্লাছড়া এলাকাত অসমৰ লোকৰ ঘৰত অগ্নি সংযোগ কৰি অসমৰ সীমাত থকা ঘৰ জ্বলাই দিয়ে মিজো লোকে, তাৰ পাছতে এই ঘটনাই পুনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তুলিছে । এই লৈ অসম মিজোৰাম সীমান্তৰ গল্লাছড়া এলাকাত বতৰ্মানত চেপা উওেজনা বিৰাজ কৰি আছে ।
অগ্নি সংযোগৰ ফলত ভষ্মীভূত হৈছে তিনিটা বাসগৃহ। বৰ্তমান আৰক্ষী মোতায়েন কৰা হৈছে গাঁওখনত।
লগতে পঢ়ক ধিঙত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ,মূল অভিযুক্ত নজৰ ফকিৰক বৰ্তমানেও পলাতক