নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ হজ যাত্ৰা বাতিল কৰা হৈছে। ভাৰতীয় হজ কমিটিৰ ফালৰ পৰা মঙলবাৰে এই কথা ঘোষণা কৰা হয়।
উল্লেখযোগ্য যে প্ৰতি বছৰে ছৌদী আৰৱৰ মক্কাত পবিত্ৰ হজৰ বাবে বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল গোট খায়।
কিন্তু এই বছৰ কোৰোনা মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছৌদী আৰৱৰ হজ আৰু উমৰাহ মন্ত্ৰ্যায়লে দেশখনৰ লোকসকলৰ মাজতে হজ যাত্ৰা সীমাবদ্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
ইয়াৰ ফলত, ভাৰতীয় হজ কমিটিয়ে এই বছৰৰ হজ যাত্ৰাৰ বাবে কৰা সকলো আবেদন বাতিল কৰে।
লগতে পঢ়ক : ক’ভিডৰ বাবে গৰম বন্ধ খোলাৰ পিছতো বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠান
উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰৰ দিনটোত দেশত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৩.৪৫ শতাংশ।
সোমবাৰে ভাৰতত ৬০,৪৭১ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰাৰ বিপৰীতে ২,৭২৬ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়।