নিউজ ডেস্ক : লদেশৰ সকলো হজ ভৱন সমূহ ৰূপান্তৰিত হ’ব কভিড কেয়াৰ চেণ্টাৰলৈ। দেশৰ শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হজ কমিটি অফ ইণ্ডিয়াই দেশৰ সকলো হজ ভৱন কভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংখ্যালঘূ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নকভিয়ে প্ৰতিখন ৰাজ্যৰ হজ ভৱন সমূহক অস্থায়ী কভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰাৰ নিৰ্দেশ দিছে।

দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেশত প্ৰতিদিনে কভিডত আক্রান্ত হৈছে লক্ষাধিক লোক। প্ৰতিদিনে আক্রান্তৰ সংখ্যাই দেশত সকলো অভিলেখ ভংগ কৰাত চিকিৎসালয় সমূহত ৰোগৰী বাবে ঠাইৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিছে কেইবা হাজাৰ লোক।

দেশৰ শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কভিড আক্রান্ত লোক সকলক চিকিৎসা প্ৰদান কৰিবলৈ দেশৰ হজ কমিটিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হজ কমিটি অফ ইণ্ডিয়াই দেশৰ সকলো হজ ভৱন কভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সম্পৰ্কে সংখ্যালঘূ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নকভিয়ে প্ৰতিখন ৰাজ্যৰ হজ ভৱন সমূহক অস্থায়ী কভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰাৰ নিৰ্দেশ দিছে। উল্লেখ্য যে ইতিমধ্যে দেশৰ কেইবাখনো মছজিদ ইতিমধ্যে কভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত হোৱা দেখিবলৈ পোৱা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply