নিউজ ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ ব’লাৰ যুজবেন্দ্ৰ চাহালৰ আজি জন্মদিন। য়ুবি চাহাল হিচাপে জনপ্ৰিয় ৩১ বছৰত ভৰি দিয়া এই লেগ-ব্ৰেক ব’লাৰ গৰাকী বৰ্তমান কলম্ব’ত শ্ৰিলংকাৰ বিৰুদ্ধে চলি থকা এদিনীয়া ছিৰিজত ব্যস্ত।
জন্মদিনৰ দিনটোত আহক চাহালৰ জীৱনৰ কেইটামান কথা নজনা জানো
১. য়ুবি চাহালক ভাৰতীয় দল এগৰাকী অন্যতম শ্ৰেষ্ঠ লেগ-ব্ৰেক ব’লাৰ হিচাপে গণ্য কৰা হয়।
২. তেওঁ আন্তঃৰাষ্ট্ৰীয় টি ২০ খেলত একেখন মেচত ৬ উইকেট অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় ব’লাৰ আৰু লেগ স্পিনাৰ। ২০১৭ চনত তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে এখন মেচত ৪ অ’ভাৰত ২৫ ৰান দি ৬ উইকেট দখল কৰে।
৩. ইয়াৰ পিছত পুনৰ ২০১৯ চনত তেওঁ দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰী এদিনীয়া ক্ৰিকেটত ৬ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ ৪২ ৰান দি ৬ উইকেট দখল কৰিবলৈ সক্ষম হয়।
৪. চাহালে জীৱনৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ আৰু আন্তঃৰাষ্ট্ৰী টি ২০ মেচ ২০১৬ চনত খেলিছিল। জিম্বাৱেৰ বিৰুদ্ধে Harare Sports Club-ত উক্ত মেচ কেইখন খেলা হৈছিল।
৫. ২০১৮ চনৰ পৰা ৩১ বছৰীয়া চাহালে Royal Challengers Bangalore-ৰ হৈ আই পি এল খেলি আহিছে। ইয়াৰ আগতে তেওঁ মুম্বাই ইণ্ডিয়ান্সৰ বাবে খেলিছিল।
৬. এগৰাকী উৎকৃষ্ট স্পিন ব’লাৰ হোৱাৰ উপৰি চাহাল এগৰাকী খুব ভাল দবা খেলুৱৈ। বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত চাহালে ভাৰতক প্ৰতিদ্বন্দ্বিতা কৰিছিল।
৭. পিতৃ কে কে চাহালে য়ুবিক ৬ বছৰ বয়সতে দবা খেলৰ সৈতে পৰিচয় কৰাইছিল। ২০০২ চনত তেওঁ গ্ৰীকত অনুষ্ঠিত ১২ বছৰ অনূধৰ্ব বিশ্ব দবা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
৮. যুজবেন্দ্ৰ চাহাল এগৰাকী আয়-কৰ বিষয়া হয়। ২০১৮ চনত, আয়-কৰ বিভাগে চাহালক এগৰাকী আয়-কৰ বিষয়াৰ দায়িত্ব অৰ্পন কৰে।
৯. চাহালৰ পত্নী ধনশ্ৰী বাৰ্মা এগাৰকী ইউটিউবাৰ, নৃত্য প্ৰযোজক আৰু দন্ত চিকিৎসক। ২০২০ চনৰ ২২ ডিচেম্বৰত তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল।
লগতে পঢ়ক : নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত