নিউজ ডেস্কঃ ৰসগোল্লা বিলাই থাকোতে ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল দুই যুৱক। ঘটনাটো সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ হাপুৰত।

কভিড-১৯ৰ ভয়াবহ পৰিস্থিতিৰ সময়ত কৰোনা নিয়ম উলংঘা কৰাৰ বাবে আৰক্ষীয়ে ৰসগোল্লা বিলাই থকা দুই যুৱকক গ্ৰেপ্তাৰ কৰে।

উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ আনন্দ উদযাপনৰ বাবে ৰসগোল্লা বিতৰণ কৰি আছিল দুই যুৱকে।

ফলত ৰসগোল্লা খাবলৈ সেই স্থানত বহুলোকে ভিৰ কৰিছিল ।

ফলত লোককেইজনক জনসমাগমৰ মাজত ৰসগোল্লা বিতৰণ কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা অনুযায়ী গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে আৰক্ষীয়ে ২০কেজি ৰসগোল্লা জব্দ কৰে।

এই সংক্ৰান্তত হাপুৰ আৰক্ষীয়ে এটা টুইটো কৰিছে-

উল্লেখ্য যে,  নিৰ্বাচন আয়োগে কঠোৰভাৱে জনাইছিল যে কোনো ঠাইতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিব। ক’ভিড ১৯ মহামাৰীৰ নিয়ম উলংঘা কৰাৰ বাবেই আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply