নিউজ ডেস্ক: অলপতে কংগ্ৰেছ ত্যাগ কৰা গুজৰাটৰ যুৱ নেতা হাৰ্দিক পেটেলে অহা বৃহস্পতিবাৰে বিজেপিত যোগদান কৰিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ২ জুনত প্ৰাক্তন কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰাৰ খবৰ প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে ২০১৯ চনত কংগ্ৰেছত যোগদান কৰা ২৮ বছৰীয়া পাতিদাৰ নেতা গৰাকীয়ে যোৱা ১৮ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।
ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত গুজৰাট প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ পৰা পদত্যাগ কৰাৰ খবৰে ৰাজনৈতিক মহলত যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছিল।
আনহাতে এই পৰ্য্যন্ত পেটেলে তেওঁ বিজেপিত যোগদান নকৰে বুলি দাবী কৰি আহিছে যদিও বিজেপি চৰকাৰৰ একাধিক সীদ্ধান্তৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।
নেতা গৰাকীয়ে তেওঁ কংগ্ৰেছত তিনিটা বছৰ ‘অপব্যয়’ কৰা বুলি কয়।
লগতে পঢ়ক – আজি বিশ্ব ধঁপাত বিৰোধী দিৱস; চিগাৰেট এৰিব খুজিছে? জানক ৬টা টিপ্ছ