নিউজ ডেস্কঃ ঘাইপথৰ সংঘটিত এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু আৰু ১১জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। দৰাচলতে, এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ কেএমপি এক্সপ্ৰেছৱে’ত।

হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ এগৰাকী আৰক্ষী বিষয়াই কয় য়ে- পুৱা প্ৰায় ৫ বজাত পদপথত শুই থকা ১৮জনকৈ লোকৰ ওপৰেৰে পাৰ হৈ যায় এখন ট্ৰাক। লগতে আৰক্ষী বিষয়া গৰাকীয়ে জনাই যে- পদপথত শুই থকা লোক কেইজন দৰাচলতে শ্ৰমিক। আৰু আটাইকেইজন উত্তৰপ্ৰদেশৰ নিবাসী।

উল্লেখ্য় যে, নিশা ফুটপাথত শুই আছিল লোক কেইজন। আৰু পুৱা ভাগত ট্ৰাকখন এই লোক কেইজনৰ ওপৰেৰে পাৰ হৈ যায়। ফলত ৩জন লোক থিতাতে নিহত হয়। আৰু বাকী ১১জনকৈ লোক গুৰুতৰভাৱে আহত।

এই দুৰ্ঘটনাত আহত লোক কেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত। ইফালে, আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন দুয়োৱে পলায়ন কৰিছে। আনহাতে, আৰক্ষীয়ে ট্ৰাকখনৰ চালকে সুৰা সেৱন কৰি চলাই আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply