নিউজ ডেস্কঃ কানাডাত শনিবাৰে এজন ব্যক্তিয়ে কুঠাৰ আৰু সুৰা হাতত লৈ মছজিদত থকা একাংশ লোকৰ ওপৰত আক্ৰমণ কৰে। টৰন্টোৰ মিছিসাগাস্থিত এটা মছজিদত ২৪ বছৰৰ এজন যুৱকে প্ৰৱেশ কৰে হাতত কুঠাৰ আৰু সুৰা লৈ।
যুৱকজনে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে যদিও সৌভাগ্যক্ৰমে কোনো লোক এই ঘটনাত আহত হোৱা নাই। তাৰপাছত যুৱকজনে হাতত থকা সুৰা মছজিদৰ ভিতৰৰ একাংশ লোকৰ ওপৰত চটিয়াই দিয়ে। ইফালে, আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে- এই ঘটনা হিংসা বিয়পোৱাৰ বাবে সংঘটিত কৰা হৈছে।
আনহাতে, কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাক নিন্দা কৰাৰ লগতে টুইটাৰত লিখিছে- ‘এই হিংসাত্মক ঘটনাক মই গৰিহনা জনাইছো। এনে ঘটনাৰ বাবে কানাডাত কোনো স্থান নাই।’ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।