নিউজ ডেস্ক : কাৰাৰুদ্ধ সাংবাদিক তৰুণ তেজপালক ২০১৩ চনৰ ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি দিয়াৰ বিৰুদ্ধে গোৱা চৰকাৰে জনোৱা আৱেদনৰ শুনানি ব’ম্বে উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰ পীঠে ২০ ছেপ্টেম্বৰলৈ পিছুৱাই দিছে।
গোৱা চৰকাৰে উচ্চ ন্যায়ালয়ৰ ওচৰত হাইব্ৰিড (শাৰীৰিক তথা ভাৰচুয়েল) শুনানিৰ বাবে আৱেদন জনাইছিল। এই পৰ্য্যন্ত গোচৰটোৰ অনলাইন শুনানি চলি আহিছে।
এই মাহৰ আৰম্ভণিতে তেজপালে তেওঁক গোচৰটোৰ পৰা দোষমুক্ত কৰাৰ প্ৰত্যাহ্বান জনাই গোৱা চৰকাৰে জনোৱা আৱেদনৰ এক ‘ইন-কেমেৰা’ শুনানিৰ বাবে আৱেদন জনাই উচ্চ ন্যায়ালয়ক এখন দৰ্খাস্ত দিয়াৰ লগতে চৰকাৰে জনোৱা আৱেদন খাৰিজ কৰিবলৈ অনুৰোধ জনাইছিল।
অৱশ্যে গোৱা চৰকাৰৰ হৈ ওকালতি কৰা ভাৰতৰ মহান্যায়াভিকৰ্তা তুষাৰ মেহতাই ‘ইন-কেমেৰা’ শুনানিৰ বাবে তেজপালে জনোৱা অনুৰোধৰ বিৰোধিতা কৰে। তেওঁ কয়, ‘ন্যায়ালয়ে (institution) ছোৱালী (ভুক্তভোগী) গৰাকীৰ বিষয়টো কিদৰে বিচাৰ কৰিলে তাক জনাৰ দেশবাসীৰ অধিকাৰ আছে’।
মঙলবাৰে, ৰাজ্যিক মহাধিবক্তা দেবীদাস পঙ্গাম আৰু তেজপালৰ এগৰাকী অধিবক্তাই ন্যায়াধীশ এম এছ ছোনাক আৰু ন্যায়াধীশ এম এছ জৱালকাৰৰ বিচাৰপীঠৰ পৰা হাইব্ৰিড শুনানিৰ বাবে সময় বিচাৰি আৱেদন জনায়।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২১ মে’ত এখন ছেছন আদালতে তেহেলকা আলোচনীৰ প্ৰাক্তন মুখ্য সম্পাদক তৰুণ তেজপালক দোষমুক্ত কৰিছিল। তেজপালক ২০১৩ চনত গোৱাৰ এখন পঞ্চতাৰকা হোটেলত তেওঁৰ সেই সময়ৰ এগৰাকী মহিলা সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
লগতে পঢ়ক : তিনিগৰাকী মহিলাকে ধৰি নগৰাকী নতুন ন্যায়াধীশৰ শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ