নিউজ ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী হিংসাত্মক ঘটনাৰ অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জীল ইমামৰ জামিন আবেদনৰ শুনানি সোমবাৰে গ্ৰহণ কৰিব। ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলৰ নেতৃত্বত এখন বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বে ৪ আগষ্টত শুনানিৰ সময়ত দিল্লী আৰক্ষীয়ে কৈছিল যে শ্বাহীন বাগ প্ৰতিবাদ প্ৰচাৰিত হোৱাৰ দৰে আইতাসকলৰ নহয়। দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা বিশেষ ৰাজহুৱা অভিযুক্ত অমিত প্ৰসাদে কৈছিল যে শ্বাহীন বাগ আন্দোলনটো শ্বাৰ্জীল ইমামে সুপৰিকল্পিতভাৱে সংগঠিত কৰা সম্পদৰ দ্বাৰা আয়োজন কৰা হৈছে। প্ৰসাদে কৈছিল যে প্ৰতিবাদস্থলীত সমৰ্থকৰ সংখ্যা অতি কম। বাহিৰৰ পৰা শিল্পী, সংগীতজ্ঞসকলক আনিছিল যাতে স্থানীয় ৰাইজে অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি থাকে।
২ আগষ্টত অমিত প্ৰসাদে কৈছিল যে ২০১৯ চনৰ ১৩ ডিচেম্বৰত প্ৰথম হিংসাত্মক ঘটনা সংঘটিত হৈছিল। শ্বাৰ্জীল ইমামৰ হৈ পমফ্লেট বিতৰণৰ বাবেই এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ১৩ ডিচেম্বৰত জামিয়াত শ্বাৰ্জীল ইমামে দিয়া ভাষণৰ কথা উল্লেখ কৰে অমিত প্ৰসাদে। তেওঁ কয় যে শ্বাৰ্জীল ইমামৰ ভাষণত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে তেওঁৰ লক্ষ্য আছিল যান-জঁটৰ সৃষ্টি কৰা আৰু এই জামৰ জৰিয়তে দিল্লীত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যাহত হ’ব। শ্বাৰ্জীলৰ ভাষণৰ পিছতেই দাঙ্গা-ব্যংগ আৰম্ভ হয়। ইয়াৰ পিছতে শ্বাহীন বাগত বিক্ষোভৰ স্থান নিৰ্মাণ কৰা হয়। জনাওঁ যে ১ আগষ্টৰ পৰা অমিত প্ৰসাদে যুক্তি দাঙি ধৰিছে।
২৮ জুলাইত উমৰ খালিদৰ হৈ হাজিৰ হোৱা অধিবক্তা ত্ৰিদিপ পেইছে এই গোচৰৰ যুক্তি সম্পূৰ্ণ কৰে। উমৰ খালিদৰ হৈ কোৱা হৈছিল যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত ষড়যন্ত্ৰ দেখুৱাবলৈ যিবোৰ কাণ্ডৰ কথা উল্লেখ কৰা হৈছে, সেইবোৰৰ ইটোৱে সিটোৰ লগত কোনো সম্পৰ্ক নাই। উমৰ খালিদৰ হৈ হাজিৰ হোৱা অধিবক্তা ত্ৰিদিপ পেইছে কৈছিল যে উমৰ খালিদ মাত্ৰ দুটা গ্ৰুপৰ সদস্য আছিল সেই চাৰ্জশ্বীটত পাঁচটা হোৱাটছএপ গ্ৰুপৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু তেওঁ একেটা গ্ৰুপতে মেছেজ পঠিয়াইছিল। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদৰ সময়ত উমৰ খালিদ হিংসাত্মক ঘটনাত অংশগ্ৰহণ কৰা বুলি কোনো প্ৰত্যক্ষদৰ্শীয়ে কোৱা নাই বুলি তেওঁ কৈছিল। উমৰ খালিদক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে গোচৰ তৰিছিল। উল্লেখযোগ্য যে উমৰ খালিদে দাখিল কৰা জামিন আবেদনৰ শুনানি ২২ এপ্ৰিলৰ পৰা উচ্চ ন্যায়ালয়ত চলি আছে।
২৪ মাৰ্চত কৰকাৰডুমা আদালতে উমৰ খালিদৰ জামিন আবেদন নাকচ কৰিছিল। দিল্লী আৰক্ষীয়ে দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্ত উমৰ খালিদকে ধৰি আন অভিযুক্তৰ জামিন আবেদনৰ বিৰোধিতা কৰি কৈছিল যে এই গোচৰত সন্ত্ৰাসবাদীৰ পুঁজি আছে। বিশেষ ৰাজহুৱা অভিযুক্ত অমিত প্ৰসাদে জনোৱা মতে, এই গোচৰৰ অভিযুক্ত তাহিৰ হুছেইনে ক’লা ধনক বগালৈ ৰূপান্তৰ কৰাৰ দায়িত্ব দিছিল। উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ৫৩ জন লোকৰ মৃত্যু হোৱা বুলি অমিত প্ৰসাদে কৈছিল। এই গোচৰত ৭৫৫ টা এফ আই আৰ পঞ্জীয়ন কৰা হৈছে। উমৰ খালিদক ২০২০ চনৰ ১৩ ছেপ্টেম্বৰত সোধা-পোছা কৰি বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছিল। ২০২০ চনৰ ১৭ ছেপ্টেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে দাখিল কৰা চাৰ্জ শ্বীটৰ তদাৰক কৰে আদালতে। বিশেষ কোষটোৱে ২০২০ চনৰ ১৬ ছেপ্টেম্বৰত দাখিল কৰিছিল অভিযোগনামা।
এই গোচৰত অভিযুক্ত কৰা লোকসকল হ’ল ছাফুৰা জাৰ্গাৰ, তাহিৰ হুছেইন, উমৰ খালিদ, খালিদ ছাইফি, ইশ্বৰত জাহান, মীৰাণ হাইদৰ, গুলফিছা, শ্বাফা উৰ ৰহমান, আছিফ ইকবাল তানহা, ছাদাব আহমেদ, তাছলীম আহমেদ, চেলিম মালিক, মহম্মদ ছালিম খান , আথাৰ খান, শ্বাৰ্জীল ইমাম, ফৈজান খান, নতাশা নৰৱাল আৰু দেৱানগন কলিতা। ইয়াৰে ৫ জন অভিযুক্ত ইশ্বৰত জাহান, সফুৰা জাৰগৰ, আছিফ ইকবাল তানহা, দেৱানগন কলিতা আৰু নতাশা নৰৱালে জামিন লাভ কৰিছে।