নিউজ ডেস্ক : প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটিছে। যোৱা দুদিন ধৰি জ্বৰত ভুগি থকা সিঙক বুধবাৰে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়।

আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনছুখ মান্দব্য এইমছত উপস্থিত হৈ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

অৱশ্যে বৰ্তমান ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি এইমছৰ এগৰাকী চিকিৎসকে জানিবলৈ দিয়ে।

৮৯ বছৰত ভৰি দিয়া প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীক সৰ্ব ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান (এইমছ) -ৰ ডাঃ নিতিশ নায়কৰ নেতৃত্বত হৃদ ৰোগ চিকিৎসকৰ এটা দলে চিকিৎসা চলাই আছে।

যোৱা সোমবাৰে ড০ সিং জ্বৰত আক্ৰান্ত হৈছিল, বৰ্তমান তেওঁ জ্বৰৰ পৰা ভাল পাইছে যদিও স্বাস্থ্য দুৰ্বল হৈ পৰাৰ বাবে তেওঁক চেলাইন দি ৰখা হৈছে।

লগতে পঢ়ক : বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ খেৰনিবাসী, বন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply