নিউজ ডেস্কঃ ইউক্ৰেইনৰ পৰা বহু ভাৰতীয় নাগৰিকক ঘূৰাই অনা হৈছে ভাৰতলৈ। আৰু কেইদিনমানৰ ভিতৰত ইউক্ৰেইনত থকা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনা হ’ব বুলি সমগ্ৰ দেশবাসী আশাবাদী। ইউক্ৰেইনৰ পৰা ঘূৰাই অনা ভাৰতীয় নাগৰিকসকলৰ সৰহ সংখ্যকেই ছাত্ৰ-ছাত্ৰী।

কিন্তু তাৰ মাজতে এক প্ৰশ্ন উত্থাপন হৈছে যে- এই ছাত্ৰ-ছাত্ৰীসকলৰ পৰৱৰ্তী শিক্ষা সন্দৰ্ভত কি ব্যৱস্থা ল’ব চৰকাৰে? কোনোবা চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষ, আন কোনোবা আকৌ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী। তেওঁলোকে পৰৱৰ্তী শিক্ষা কেনেকৈ গ্ৰহণ কৰিব বা তেওঁলোকৰ বাবে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এতিয়া প্ৰশ্ন উদয় হৈছে প্ৰায় সকলোৰে মনত।

ইফালে, স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ অগ্ৰৱালে এই সন্দৰ্ভত কয় যে- যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতলৈ ঘূৰি অহা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ দিশটো পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। এয়া অতি জটিল সময়। এই বিষয়টোক লৈ সংশ্লিষ্ট বিভাগে নজৰ ৰাখিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply