নিউজ ডেস্কঃ কৰ্ণাটক হিজাব বিবাদ সন্দৰ্ভত বুধবাৰে উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি। শিক্ষানুষ্ঠানত হিজাব পিন্ধিব নোৱাৰাৰ বিৰুদ্ধে মাত মাতি অহা মুছলমান ছাত্ৰ-ছাত্ৰীসকলে দাঙি ধৰা যুক্তিসমূহ শুনানি গ্ৰহণৰ সময়চোৱাত মুখ্য ন্যায়াধীশগৰাকীয়ে শুনে। আৱেদনকাৰীৰ তৰফৰ পৰা অধিবক্তা ৰবি শৰ্মা কুমাৰে কয় যে- কেৱল হিজাবক লৈ এনেকুৱা হৈছে? উৰণি, পগড়ীৰ দৰে বহুবোৰ ধাৰ্মিক প্ৰতীক চিহ্নবোৰোতো প্ৰতিদিনাই হাজাৰ হাজাৰ লোকে পৰিধান কৰে।
তেওঁ আৰু কয়- মই সমাজৰ সকলো শ্ৰেণীৰ ধাৰ্মিক প্ৰতীকসমূহৰ বিষয়ে ক’ব বিচাৰিছো। চৰকাৰে কিয় কেৱল হিজাবক লৈ ভেদ ভাৱ প্ৰদৰ্শন কৰিছে। বাকী উৰণি, পগড়ী, খাৰু এইবোৰ ধাৰ্মিক প্ৰতীক নহয় নেকি? কেৱল এই দৰিদ্ৰ মুছলমান ছাত্ৰীসকলক কিয় লক্ষ্য কৰি লোৱা হৈছে?
অধিবক্তা কুমাৰে লগতে কয় যে- ‘কেৱল ধৰ্মৰ কাৰণেই আৱেদনকাৰী সকলক শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ ওলোৱা হৈছে। কপালত ফোত লোৱা ছাত্ৰীসকলকতো শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ যাব দিয়া হোৱা নাই। খাৰু পিন্ধা ছোৱালীসকলকো তেনে কৰা হোৱা নাই। তেন্তে এইসকল ছাত্ৰীকে কিয় তেনেকুৱা কৰা হৈছে? এয়া সংবিধান ১৫ অনুচ্ছেদ উলংঘা কৰা ঘটনা।’
উল্লেখযোগ্য যে, হিজাব বিবাদ আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত হিজাব পৰিধান কৰি বিদ্যালয়লৈ যোৱা ছাত্ৰীসকলক প্ৰৱেশদ্বাৰতে বাধা দিয়াও পৰিলক্ষিত হৈ আহিছে। হিজাব খোলাৰ পাছতহে তেওঁলোকক বিদ্যালয়ত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হয়।