নিউজ ডেস্কঃ বজৰং দলৰ এজন কৰ্মকৰ্তাক হত্যা কৰা ঘটনাৰ পাছতে কৰ্ণাটকৰ শিৱমৌগা চহৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। একাংশই চহৰখনত বহু কেইখন বাহনত অগ্নি সংযোগ কৰাৰ লগতে বহু স্থানত উপদ্ৰৱ চলাই বহু সা-সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰিছে। চহৰখনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

ইফালে, বজৰং দলৰ কৰ্মীজনৰ হত্যাৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দোৱা গেছ। উল্লেখ্য যে, ২০ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে নিশা প্ৰায় ৯ বজাত বজৰং দলৰ হৰ্ষ নামৰ ২৬ বছৰী কৰ্মকৰ্তা জনৰ হত্যা কৰে কোনো অচিনাক্ত ব্যক্তিয়ে।

এই ঘটনাৰ পাছতে উত্তেজিত একাংশ লোকে বহু কেইখন বাহনত অগ্নি সংযোগ কৰি দিয়ে। লগতে ১৪৪ ধাৰাও জাৰি কৰা হয়। ইফালে, প্ৰশাসনে বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰে। আনহাতে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয় যে- আৰক্ষীয়ে ঘটনাৰ তদন্তত বহু তথ্য লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply