নিউজ ডেস্কঃ ৰাজধানী দিল্লীত শনিবাৰৰ ৰাতিপুৱাৰে পৰা নেৰানেপেৰা ধাৰাসাৰ বৰষুণ হৈ আছে।

বৰষুণৰ ফলত ৰাস্তাত পানী জমা হোৱাৰ ফলত যান-বাহন চলাচলৰ ক্ষেত্ৰটো সমস্যাৰ সৃষ্টি হৈছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বাহিৰ অংশৰ লগতে ভিতৰ ভাগতো ইতিমধ্যে পানীয়ে বুৰাই পেলোৱাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

চহৰখনত যোৱা ২৪ ঘণ্টাত ৯৭ মি.মি. বৰষুণ হৈছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে চহৰখনত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে।

ধাৰাসাৰ বৰষুণৰ বাবে চাৰিখন ঘৰুৱা বিমান আৰু এখন আন্তঃৰাষ্ট্ৰীয় বিমান দিল্লীৰ পৰা জয়পুৰ আৰু আহমেদাবাদলৈ স্থানান্তৰ কৰা হৈছে।

লগতে পঢ়কঃগুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ বিজয় ৰূপানীৰ

দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কতৃপক্ষই কয় যে, বিমান বন্দৰটোত জমা হৈ থকা পানী সোনকালে আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে যাতে যাত্ৰীসকলৰ ভ্ৰমণত কোনোধৰণৰ সমস্য নহয়।

২০০৩ চনৰ জুলাই মাহৰ পিছৰ পৰা দিল্লীত এইবাৰৰ এইয়া সৰ্বাধিক বৰষুণ বুলি বতৰ বিজ্ঞানে উল্লেখ কৰিছে।

 প্ৰশাসনে দুৰ্যোগ প্ৰশমন বিভাগক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশনা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই চহৰখনত আৰু অধিক বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ হোৱাৰো আশংকা কৰিছে তদুপৰি বানপানী হোৱা অঞ্চললৈ সাধাৰণ লোকক নাযাবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply