নিউজ ডেস্কঃ পাকিস্তানৰ দক্ষিণ বলুখিস্তানত পাকিস্তানী সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। এই হেলিকপ্টাৰ দুৰ্ঘটনাত দুগৰাকী পায়লট সহ সেনাৰ মুঠ ৬ জন বিষয়াৰ মৃত্যু হয়। পাকিস্তানী সেনাই সোমবাৰে বিষয়ে জনায়। 

পাকিস্তানী সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে- দেওবাৰে নিশা হৰনাই এলেকাত এক উৰণ প্ৰশিক্ষণৰ সময়চোৱাত এই দুৰ্ঘটনাত সংঘটিত হয়। লগতে সেনা বাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে যে – এই দুৰ্ঘটনাত দুজন হেলিকপ্টাৰৰ পায়লটসহ ৬ গৰাকী বিষয়াৰ মৃত্যু হৈছে। 

অৱশ্যে বৰ্তমানলৈ এই দুৰ্ঘটনাত কিয় সংঘটিত হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই। উল্লেখ্য় যে, ইয়াৰ পূৰ্বে বলুখিস্তানত আগষ্ট মাহত এনেধৰণৰ আন এক দুৰ্ঘটনাত সংঘটিত হৈছিল। আৰু এই দুৰ্ঘটনাতো ৬ গৰাকী পাকিস্তানী সেনা জোৱানে হেৰুৱাইছিল প্ৰাণ। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply