নিউজ ডেস্কঃ কৰ্ণাটকত হিজাব বিতৰ্ক আৰম্ভ হোৱাৰে পৰা প্ৰায় প্ৰতিদিনে এই সম্পৰ্কীয় নতুন নতুন খবৰ লাভ কৰি অহা হৈছে। তাৰ মাজতে শুকুৰবাৰে এগৰাকী শিক্ষয়িত্ৰীয়ে পদত্যাগ কৰে। জানিব পৰা মতে, ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে হিজাব পৰিধান নকৰি বিদ্যালয়-মহাবিদ্যালয়লৈ আহিবলৈ দিয়া নিৰ্দেশৰ বিৰোধিতাৰে নিজৰ পদত্যাগ পত্ৰ মহাবিদ্যালয় কৰ্তৃপক্ষক জমা দিয়ে।

কৰ্ণাটকৰ তুমাকুৰৰ জেন পি ইউ কলেজৰ চান্দনী নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কয় যে- তেওঁ কলেজখনত প্ৰায় তিনি বছৰ ধৰি হিজাব পৰিধান কৰি নিজৰ কৰ্তব্য পালন কৰি গৈছে। কিন্তু হঠাৎ হিজাব পৰিধান কৰিব নোৱাৰা সিদ্ধান্তৰ পাছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।

শিক্ষয়িত্ৰীগৰাকীয়ে লগতে সাংবাদিকৰ আগত কয়- যোৱা কালি মোক মহাবিদ্যালয়ৰ অধ্যক্ষই হিজাব পৰিধান নকৰিবলৈ কৈছে। এই সিদ্ধান্তই মোৰ আত্মসন্মান হানি কৰিছে। সেয়েহে মই পদত্যাগ কৰিছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply