নিউজ ডেস্কঃ বিদ্যালয়-মহাবিদ্যালয়ত হিজাব পৰিধান কৰি যোৱা ছাত্ৰীক প্ৰৱেশত বাধা দিয়াৰ পাছত ইয়াৰ বিৰুদ্ধে থিয় দি দাখিল কৰা আৱেদন সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ত শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এই হিজাব বিতৰ্কক লৈ উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হৈছিল শুনানি।

শুকুৰবাৰে শুনানি গ্ৰহণৰ সময়চোৱাত আৱেদনকাৰীসকলৰ তৰফৰ পৰা অধিবক্তাই ন্যায়ালয়ত কয় যে- হিজাব পৰিধান কৰাত বাধা দিয়া মানে কোৰআনৰ ওপৰত বাধা আৰোপ কৰাৰ সমান। শুনানি আৰম্ভ হোৱাৰ পাছত অধিবক্তা গৰাকীয়ে কয় যে- আমি ভাবো হিজাব ইছলাম ধৰ্মী লোকসকলৰ ধাৰ্মীয় প্ৰথাত নপৰে। হিজাব পৰিধান কৰাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাধ্যতামূলক অংগ নহয়।

লগতে তেওঁ কয় যে- ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত ২৫ নং অনুচ্ছেদত উল্লেখ নাই। উল্লেখযোগ্য যে, কৰ্ণাটকত মুছলমান ছাত্ৰীসকলক হিজাব পৰিধান কৰি বিদ্যালয়-মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়াৰ পৰাই এই বিতৰ্কৰ আৰম্ভ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply