নিউজ ডেস্কঃ হিমাচলৰ কুলুত ভয়ংকৰ পথ দুৰ্ঘটনা। দ খাৱৈত বাগৰিল স্কুল বাছ। দুৰ্ঘটনাত থিতাতে নিহত প্ৰায় ১০জনৰো অধিক। আনহাতে গুৰুতৰভাৱে আহত সকলক হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

কুল্লুৰ উপায়ুক্ত আশুতোষ গাৰ্গে কয় যে বাছখন সোমবাৰে ৰাতিপুৱা প্ৰায় ৮.৩০ বজাত কুলুৰ জংলা গাঁৱত দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বাছখনত কমেও ৪০ গৰাকী শিক্ষাৰ্থী আছিল।

এই দুৰ্ঘটনাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে আৰু আহতসকললৈ ৫০,০০০ টকাৰ বিত্তীয় সাহায্য ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply