মাণ্ডীৰ বিজেপি সাংসদ ৰাম স্বৰূপ শৰ্মাৰ মৃত্যু
মাণ্ডীৰ বিজেপি সাংসদ ৰাম স্বৰূপ শৰ্মাৰ মৃত্যু

নিউজ ডেস্ক- হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপিৰ সাংসদ ৰাম স্বৰূপ শৰ্মাৰ আত্মহত্যা।

দিল্লীৰ আৰ এম হস্পিতালৰ সমীপৰ গোমটি এপাৰ্টমেণ্টত ওলমি থকা অৱস্থাত বুধবাৰে সাংসদগৰাকীৰ মৃতদেহ উদ্ধাৰ।

মৃত্যুৰ সময়ত সাংসদগৰাকীৰ বয়স আছিল ৬২ বছৰ।

দিল্লী আৰক্ষীক সাংসদগৰাকীৰ কৰ্মচাৰীয়ে জনোৱা অনুসৰি পুৱাৰ ভাগত সাংসদগৰাকীৰ ৰূমটো ভিতৰৰ পৰা বন্ধ হৈ আছিল। বহুত বাৰ মাত দিয়াৰ পিছতো ৰূমৰ দৰ্জা খুলা নাছিল।

সাংসদগৰাকীৰ মৃত্যুৰ সম্পৰ্কে একো জানিবলৈ পৰা নাই। মৃতদেহৰ কাষত কোনো চুইচাইদ নোটো উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে উল্লেখ কৰে। অৱশেষত আৰক্ষীক তেওঁ খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰূমৰ ভিতৰত ওলোমি থকা অৱস্থাত সাংসদ গৰাকীৰ মৃতদেহ পোৱা গৈছিল বুলি জানিব দিয়ে ।

সাংসদগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোকপ্ৰকাশ কৰে।

হিমাচল প্ৰদেশৰ মাণ্ডী জিলাৰ জোগিন্দৰ নগৰৰ ৰাম স্বৰূপ শৰ্মা একেৰাহে দ্বিতীয়বাৰৰ বাবে সাংসদ হৈছিল। সাসংদ হোৱাৰ পূৰ্বে তেওঁ মাণ্ডী জিলাৰ বিজেপিৰ সচিব আৰু পুনৰ হিমাচলপ্ৰদেশৰ বিজেপিৰ সচিব আছিল।

২০১৪চনত বিজেপিয়ে ৰামস্বৰূপ শৰ্মাক লোকসভাৰ আসনৰ টিকট প্ৰদান কৰিছিল। তেওঁ ৪০হাজাৰৰ ভোটত কংগ্ৰেছৰ প্ৰতিভা সিঙক পৰাস্ত কৰি আসন দখল কৰিছিল।

একেৰাহে ২০১৯চনতো মাণ্ডীৰ পৰা লোকসভাৰ নিৰ্বাচন খেলে আৰু তেওঁ জয়লাভো কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply