নিউজ ডেস্কঃ সমগ্ৰ দেশতে কৰোনাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এনে সময়তে হিমাচল প্ৰদেশত সংঘটিত হ’ল এক অমানবীয় ঘটনা।

হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত কৰোনাত আক্ৰান্ত এগৰাকী মহিলাই স্বামী আৰু দুবছৰীয়া সন্তানৰ সৈতে দুদিন ধৰি ৰাজপথতে এখন টেক্সিৰ ভিতৰতে কটাবলগীয়া হ’ল।

কাৰণ মহিলাগৰাকী কৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পাৰি ভাড়াঘৰৰ মালিকে মহিলাগৰাকীৰ লগতে গোটেই পৰিয়ালটোকে ভাৰাঘৰত থকাৰ বাবে সন্মতি প্ৰদান নকৰিলে।

মহিলাগৰাকীৰ স্বামী পাৰসৰাম হিমাচলৰ মাণ্ডীৰ কৰচোগত টেক্সিচালক হিচাপে কৰ্মৰত। তেওঁলোক কৰচোগতে ভাৰাতীয়া হিচাপে থাকে। পত্নীৰ দেহত কৰোনাৰ লক্ষণ দেখি পাৰসৰামে পত্নীক লৈ ছিমলালৈ কৰোনাৰ পৰীক্ষা কৰিবলৈ যায়।

আৰু পঢ়কঃ ৰাজধানী দিল্লীত যোৱা ২৪ ঘন্টাত নিম্নগামী হৈছে ক’ভিড সংক্ৰমণৰ হাৰ

দুয়োৰে কভিড পৰীক্ষাৰ ফলাফলত পত্নীৰ ৰিপৰ্ট কভিড পজিটিভ আহে।

চিকিৎসকে পৰিয়ালটোক হোম আইচলেচনৰ বাবে অনুমতি দিয়ে।

পৰিয়ালটো ভাৰাঘৰলৈ উভতি অহাৰ পিছত ঘৰৰ মালিকে মহিলাগৰাকী কৰোনাত আক্ৰান্ত হোৱা বুলি জানি ভাৰাঘৰত থাকিবলৈ দিবলৈ অমান্তি হয়।

উপায়-নাপাই পৰিয়ালটোৱে ২বছৰীয়া শিশুটিৰ সৈতে দুদিন ধৰি ৰাজপথত টেক্সিৰ ভিতৰতে কটাবলগীয়া হয়।

পাৰসৰামে অৱশেষত ফোনযোগে স্থানীয় আৰক্ষীৰ সহায় বিচাৰে।

সেইস্থানত আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু পাৰসৰামৰ ভাৰাঘৰৰ মালিকৰ সৈতে বুজাবুজিৰে পৰিয়ালটোক ভাৰাঘৰত থাকিবৰ দিবৰ বাবে সন্মতি প্ৰদান কৰোৱায়। লগতে আৰক্ষীয়ে পৰিয়ালটোক খোৱাৰ বাবে খাদ্য- সামগ্ৰীৰো যোগান ধৰে।

কৰোনাৰ এই জটিল পৰিস্থিতিত আৰক্ষীৰ এই মহান কাৰ্যক সকলোৱে শলাগ লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply