নিউজ ডেস্ক: মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেক অসমলৈ ‘আমন্ত্ৰণ’ জনালে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী গৰাকীক অসমত ‘অৱসৰ বিনোদন’ৰ বাবে আহিবলৈ আহ্বান জনায়।

তেওঁ কয়, ‘’আপুনিও (উদ্ধৱ থাকৰে) অৱসৰ বিনোদনৰ বাবে অসমলৈ আহক।‘’

নতুন দিল্লীত সাংবাদিকে হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে বাহৰ পাতি থকা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শৰ্মাই এইদৰে কয়।

সংবাদ প্ৰতিষ্ঠান ANI-ৰ আগত মুখ্য মন্ত্ৰী শৰ্মাই, ‘’দেশৰ যিমান বিধায়ক আছে সকলোকে মই অসমলৈ আহিবলৈ আমন্ত্ৰণ জনাইছো।‘’

আনহাতে এগৰাকী মুখ্য মন্ত্ৰী হৈ দেশৰ ‘ফেডাৰেল’ গাঁথনিৰ প্ৰতি সন্মান জনাই  অসমত অন্য ৰাজ্যৰ বিসম্বাদী বিধায়কক বাহৰ পাতিবলৈ দিয়াটো উচিত হোৱা নাই বুলি সাংবাদিকে তোলা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, ‘’মই হোটেলত মানুহ অহাত বন্ধ কৰি দিলে সি কেনেধৰণৰ ফেডাৰেল গাঁথনি হ’ব?’’

‘’কাইলৈ আপুনি আহিব খুজিলে যদি মই দেশত ফেডাৰেল গাঁথনি চলি আছে বুলি কৈ আপোনাক আহিবলৈ মানা কৰো, তেন্তে তাক কি ফেডাৰেল গাঁথনি বুলি কোৱা হ’ব নেকি?’’ তেওঁ কয়।

উদ্ধৱ থাকৰেৰ প্ৰতি কি ক’ব খোজে বুলি সাংবাদিকে সোধাত মন্ত্ৰী শৰ্মাই কয়, ‘’আপুনিও ভেকেশ্যনত আহক অসমলৈ।‘’

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰক সংকটত পেলাই একনাথ সিন্ধেৰ নেতৃত্বত শিৱসেনাৰ ৪০জনৰ অধিক বিধায়কে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতি আছে। সিন্ধেই দাবী কৰা মতে তেওঁৰ প্ৰতি দলটোৰ ৩৮ গৰাকী বিধায়কৰ সমৰ্থন আছে।

লগতে পঢ়ক – গুৱাহাটীৰ Institute Of Advanced Study in Science and Technology –ত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply