নিউজ ডেস্ক: উত্তৰ-পূবৰ সকলো ৰাজ্যতে দশম শ্ৰেণী পৰ্যন্ত হিন্দী বিষয়টো বাধ্যতামূলক কৰা হ’ব। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত এই কথা ঘোষণা কৰে।
নতুন দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে উত্তৰ-পূবৰ ৮খন ৰাজ্যই হিন্দীক দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰাত সন্মতি দিছে।
ভাৰতত হিন্দী ভাষা ইংৰাজীৰ বিকল্প হ’ব লাগে বুলি উল্লেখ কৰি হিন্দী দেশৰ বিভিন্ন ৰাজ্যৰ লোকসকলৰ মাজত প্ৰচলিত হোৱা উচিত বুলি কয়।
উত্তৰ-পূবৰ ৮খন ৰাজ্যত ইতিমধ্যে ২২ হাজাৰ হিন্দী শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি নিজৰ ভাষণত উল্লেখ কৰি শ্বাহে কয়, ”উত্তৰ-পূবৰ ৯টা জনগোষ্ঠীয়ে তেওঁলোকৰ লিপিসমূহ দেৱনাগৰীলৈ সলনি কৰিছে।”
নিজৰ ভাষণত হিন্দী ভাষাৰ পৰীক্ষাক অধিক গুৰুত্ব দিব লাগে বুলিও গৃহ মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে।
হিন্দী ইংৰাজী ভাষাৰ বিকল্প হ’ব লাগে বুলি মন্তব্য কৰি শ্বাহে কয় যে ইয়াক স্থানীয় ভাষাসমূহৰ বিকল্প কৰিব নালাগে বুলি পৰামৰ্শ আগবঢ়ায় গৃহ মন্ত্ৰীয়ে।
লগতে পঢ়ক – গোৰেশ্বৰৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত CPA ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিক আদৰণি