নিউজ ডেস্কঃ জাৰ্মানীৰ কুখ্যাত নাজী বাহিনীৰ প্ৰধান এডল্ফ হিটলাৰৰ ঘড়ী ১১ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হয়। জাৰ্মানৰ ঘড়ী প্ৰতিষ্ঠান হুবাৰৰ দ্বাৰা নিৰ্মাণ কৰা ঘড়ীটোত এটা স্বস্তিকা আৰু হিটলাৰৰ নামৰ প্ৰথম আখৰ এ এইচ খোদিত কৰা আছে। চামৰাৰ বেল্টৰ সোণালী ৰঙৰ ঘড়ীটো হিটলাৰে জন্মদিনৰ উপহাৰ হিচাপে লাভ কৰিছিল।

ভাৰতীয় মুদ্ৰাত ঘড়ীটোৰ দাম হ’ব ৮কোটি ৭২লাখ ৮৬হাজাৰ ১০০ টকা। ঘড়ীটো যিয়ে ক্ৰয় কৰিছে তেওঁৰ পৰিচয় জানিব পৰা হোৱা নাই। পিছে হিটলাৰৰ ঘড়ী নিলামৰ বিষয়টোত ক্ষুব্ধ হৈছে ইহুদী সকল ক্ষুদ্ধ হৈ উঠিছে।

অত্যাচাৰী শাসক হিটলাৰে ১৯৩৩চনৰ পৰা দ্বিতীয় বিশ্বযুদ্ধলৈকে জাৰ্মানীত শাসন চলাইছিল। হিটলাৰৰ নেতৃত্বত নাজী বাহিনীৰ উত্থান হৈছিল। হিটলাৰে তেওঁৰ শাসন কালত প্ৰায় ১কোটি ১০লাখ মানুহক হত্যা কৰিছে। ইয়াৰ ভিতৰত ৬০লাখ আছিল ইহুদী।

উল্লেখ্য যে, ১৯৪৫ চনৰ ৩০ এপ্ৰিলত জাৰ্মানীৰ Berghofৰ এটা বাংকাৰত আত্মহত্যা কৰিছিল হিটলাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply