নিউজ ডেস্ক: সাংসদ আছাদুদ্দিন ওৱেইছিক কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ‘Z’ কেটেগৰি নিৰাপত্তা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। আজি ৰাজ্যসভাত অমিত শ্বাহে সাংসদ গৰাকীক উক্ত আহ্বান জনায়।

নিজৰ বক্তব্যত গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে সাংসদ গৰাকীৰ কনভয়ৰ ওপৰত যোৱা কিছুদিন পূৰ্বে হোৱা আক্ৰমণৰ ঘটনাৰ তদন্ত চলাই থকা হৈছে আৰু ৰাজ্য চৰকাৰৰ পৰা ইয়াৰ এক প্ৰতিবেদন বিচৰা হৈছে।

‘আৰক্ষীয়ে দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ পৰা এখন বাহন আৰু দুটা পিষ্টল উদ্ধাৰ কৰিছে। ফৰেন্সিকৰ দলে ঘটনাটোৰ তদন্ত চলাই থকাৰ লগতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুয়োজনক জেৰা চলাই আছে,’ তেওঁ কয়।

ওৱেইছিক সমগ্ৰ দেশতে ‘Z’ কেটেগৰি চি আৰ পি এফ নিৰাপত্তা আৱৰণ আৰু দিল্লীত ভ্ৰমণৰ বাবে এখন বুলেট প্ৰুফ বাহন প্ৰদান কৰা হৈছে যদিও সাংসদ গৰাকীয়ে নিৰাপত্তা আৱৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি আহিছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে যোৱা ৩ ফেব্ৰুৱাৰীত উত্তৰ-প্ৰদেশৰ মেৰুটত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দিল্লীলৈ উভতি আহি থকাৰ পথত আছাদুদ্দিন ওৱেইছিৰ বাহনৰ ওপৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল।

লগতে পঢ়ক – পশ্চিম কাৰ্বি আংলঙত বন কৰ্মীৰ দ্ধাৰা চোৰা কাঠৰ বেহা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply