নিউজ ডেস্কঃ দিল্লীত গায়ক হনী সিঙক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইজনমান অজ্ঞাত ব্যক্তিয়ে গায়ক গৰাকীক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে। দৰাচলতে, যোৱা ২৭ মাৰ্চত দিল্লীত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকা সময়তে হানী সিঙক প্ৰহাৰ কৰে ব্যক্তি কেইজনে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আক্ৰমণ কৰা লোক কেইজনৰ হাতত আছিল অস্ত্ৰও। উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে সংগীতানুষ্ঠান আধাতেই সামৰিবলগীয়াত পৰে। দিল্লীৰ ছাউথ এক্স পাৰ্ট-২স্থিত স্কল ক্লাৱত অনুষ্ঠিত কৰা হৈছিল এই সংগীতানুষ্ঠান।

তাৰপাছত এই ধৃত ব্যক্তি কেইজনে মঞ্চৰ ওপৰত সুৰাৰ বটল লৈ উঠে। তেওঁলোকক মঞ্চৰ পৰা নামিবলৈ অনুৰোধ কৰাৰ সময়তে তেওঁলোক অভব্য আচৰণ কৰে আৰু মঞ্চত থকা শিল্পীসকলক প্ৰহাৰ কৰাৰ ভাবুকিও দিয়ে। ইতিমধ্যে হনী সিঙে এই ঘটনা সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply