নিউজ ডেস্ক: এগৰাকী পাকিস্তানি মহিলা এজেণ্টক ভাৰতীয় সেনাৰ গোপন আৰু ৰণনীতি সম্পৰ্কীয় তথ্য যোগান ধৰাৰ অপৰাধত সেনাবাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে এগৰাকী শীৰ্ষ সেনা বিষয়াই জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য মতে প্ৰদীপ কুমাৰ নামৰ যোধপুৰত কৰ্মৰত সেনা জোৱানজনে পাকিস্তানৰ মহিলা এজেণ্ট গৰাকীৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল। বিগত বহুদিন ধৰি জোৱানজনৰ গতি-বিধি নিৰীক্ষণ কৰি অহাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি বিষয়াজনে জনায়।
বিষয়জনে লগতে কয় যে অভিযুক্ত জোৱানজনে ফে’চবুক আৰু হুৱাটছএপৰ জৰিয়তে পাকিস্তানৰ এজেণ্ট গৰাকীৰ সৈতে সম্পৰ্ক চলাই আহিছিল আৰু তেওঁ উক্ত মহিলা গৰাকীক গোপনীয় তথ্য প্ৰদান কৰিছিল।
যোৱা ১৮ মে’ত মাত্ৰ তিনি বছৰ পূৰ্বে সেনাবাহিনীত যোগদান কৰা উত্তৰাখণ্ডৰ অভিযুক্ত জোৱানজনক সোধাপোছাৰ বাবে জিম্মাত লৈ পিছত গ্ৰেপ্তাৰ কৰা হয় বুলি বিষয়া গৰাকীয়ে সদৰী কৰে।
বিষয়াগৰাকীয়ে জনোৱা অনুসৰি প্ৰায় ৬ মাহ পূৰ্বে জোৱানজনৰ মোবাইল ফোনলৈ মহিলা গৰাকীৰ পৰা কল আহিছিল। মহিলাগৰাকীয়ে নিজকে বাংগালোৰত সেনাবাহিনীৰ নাৰ্চিং কৰ্মী হিচাপে কাম কৰি থকা বুলি পৰিচয় দিছিল।
ইয়াৰ পিছত মহিলাগৰাকীয়ে কুমাৰক প্ৰেমৰ চলনাৰে প্ৰলোভিত কৰি দিল্লীত লগ ধৰে আৰু বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। কুমাৰক মহিলাগৰাকীয়ে ‘হানি-ট্ৰেপপিং’ কৰে বুলি উল্লেখ কৰি বিষয়াজনে কয় যে তেওঁৰ পৰা পাকিস্তানৰ এজেণ্ট গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সেনাবাহিনীৰ বহু গোপনীয় তথ্য আৰু ডকুমেণ্টছ হাচিল কৰে।
পিছত Official Secrets Act, ১৯২৩-ৰ অধীনত এটা গোচৰ ৰুজু কৰি কুমাৰক কৰা হয় আৰু গোটেই ঘটনাটোৰ তদন্ত চলাই থকা হৈছে বুলি বিষয়াজনে জনায়।
লগতে পঢ়ক – লেবাৰ পাৰ্টিৰ এন্টনী এলবানিছ অষ্ট্ৰেলিয়াৰ নতুন প্ৰধান মন্ত্ৰী