নিউজ ডেস্কঃ ক্ৰৰ্মাৎ নিয়ন্ত্ৰণলৈ আহিছে নগালেণ্ডৰ কোভিড পৰিস্থিতি। নেইফিউ ৰিঅ’ চৰকাৰে আনলক- ৬ ঘোষণা কৰিছে। ৰাজ্যখনত বৰ্তমানৰ দৰে যদি কোভিড পৰিস্থিতি ৫ শতাংশৰ তলত নিয়ন্ত্ৰণত থাকে তেনেহ’লে ২০২১ বৰ্ষৰ বিশ্ব প্ৰসিদ্ধ হৰ্ণবিল উৎসৱ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে নগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগ।
নগাসকলৰ খাদ্য, সংগীত-নৃত্য আৰু ৰীতি-নীতি তথা নগা সংস্কৃতিক এই উৎসৱৰ মাধ্যমৰে বিশ্বৰ আগত তুলি ধৰিবলৈ এই উৎসৱ পালন কৰে।
নাগালেণ্ডত প্ৰত্যেক বছৰেই ১ ডিচেম্বৰ পৰা দহ ডিচেম্বৰলৈ বৰ্ণাঢ্য় কাৰ্যসূচীৰে কিছামাত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হৈ আহিছে।
যোৱা বৰ্ষত লকডাউনৰ বাবে হৰ্ণবিল উৎসৱ বাতিল কৰা হৈছিল।হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে৷
এই সন্দৰ্ভত অহা ২৩ ছেপ্টেম্বৰত নাগালেণ্ডৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগে সিদ্ধান্ত ল’বৰ বাবে এখন আন্ত: বিভাগীয় বৈঠকৰ আহবান কৰিছে ।
ইফালে অহা ১ অক্টোবৰৰ পৰা পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো বিদ্যালয়ৰ খোলাৰ অনুমতি প্ৰদান কৰিছে নাগালেণ্ড চৰকাৰে।
৫০% শিক্ষাৰ্থীৰে নেইফিউ ৰিঅ’ চৰকাৰে সকলো বিদ্যালয়ৰ খোলাৰ অনুমতি প্ৰদান কৰিছে।
সকলো শিক্ষকে দুয়ো পালি কোভিড প্ৰতিষেধক লোৱাতো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে। ৰাজ্যখনত বিগত ডেৰবছৰ ধৰি বন্ধ হৈ থকা চিনেমা হল আৰু চুইমিঙ পুলসমূহো পঞ্চাশ শতাংশ উপস্থিৰে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।
লগতে পঢ়কঃ“সেৱা আৰু সমৰ্পণ অভিযান” উদযাপন