ফটো-টুইটাৰ

নিউজ ডেস্কঃ আফ্ৰিকাৰ নামিবিয়াৰ পৰা অনা আঠটা চিতাবাঘ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ল। মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকী নিজে উপস্থিত আছিল।

যোৱা আঠ বছৰত কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৪ চনৰ পৰা ২০২২ চনলৈ বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত এলেকা যথেষ্ট বৃদ্ধি পাইছে।

২০১৪ চনত দেশৰ মুঠ ভৌগোলিক এলেকাৰ ৪.৯০ শতাংশ বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত আছিল। বৰ্তমান এইয়া ৫.০৩ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৪ চনত, মুঠ ১,৬১,০৮১.৬২ বৰ্গ কিলোমিটাৰৰ ৭৪০টা সুৰক্ষিত এলেকা আছিল। বৰ্তমান ১,৭১,৯২১ বৰ্গ কিলোমিটাৰৰ ৯৮১টা সুৰক্ষিত স্থানলৈ বৃদ্ধি হৈছে। কেৱল সুৰক্ষিত এলেকাই নহয় বিগত চাৰি বছৰত অৰণ্য এলেকাও ১৬,০০০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। বনভূমিৰ এলেকা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ মাজত স্থান লাভ কৰিছে। community reserveৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৪চনত আছিল ৪৩খন বৰ্তমান ১০০খনলৈ বৃদ্ধি পাইছে।

ভাৰতৰ ১৮ খন ৰাজ্যত প্ৰায় ৭৫,000 বৰ্গ কিলোমিটাৰ এলেকা আৱৰি ৫২ টা টাইগাৰ ৰিজাৰ্ভ আছে। ২০১৪ চনত ভাৰতে ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ সংকল্প লৈছিল। কিন্তু নিৰ্ধাৰিত সময়ৰ চাৰি বছৰ আগতে ভাৰতৰ সেই সংকল্প সফলো হৈছিল। ২০১৪ চনত, দেশত বাঘৰ সংখ্যা আছিল ২,২২৬টা আৰু ২০১৮ চনত ২,৯৬৭টালৈ বৃদ্ধি পায়।

আনহাতে Asiatic lion ৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৫ চনত আছিল ৫২৩ টা সিংহ আৰু বৰ্তমান ৬৭৪ টালৈ বৃদ্ধি পাইছে। ২০২০ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মুঠ ১২,,৮৫২ টা নাহৰফুটুকী বাঘ আছে। ২০১৪ চনত আছিল ৭৯২১টা। বৰ্তমানলৈকে, নাহৰফুটুকী বাঘৰ সংখ্যা ৬০শতাংশ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply