নিউজ ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীয়ে তিনি সেনা বাহিনীত যোগদান কৰাৰ ইচ্ছা থকা যুৱক-যুৱতীৰ বাবে এক নতুন আঁচনি ঘোষণা কৰে ‘অগ্নিপথ আঁচনি’। ভাৰতীয় সেনাৰ এই নতুন নিযুক্তি আঁচনিখন আৰম্ভণি কৰাৰ প্ৰধান উদ্দেশ্য হৈছে যুৱকসকলক প্ৰশিক্ষণ দিয়াৰ লগতে ভাৰতৰ নিৰাপত্তা বাহিনীক শক্তিশালী কৰা।
এই অগ্নিপথ আঁচনিত যিসকল প্ৰাৰ্থী নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচিত হ’ব তেওঁলোকক ‘অগ্নিবীৰ’ বুলি কোৱা হ’ব। ‘অগ্নিবীৰ’ সকলৰ চাকৰিৰ বয়স হ’ব চাৰিবছৰ। তাৰে ছমাহ প্ৰশিক্ষণ আৰু চাৰে তিনি বছৰ চাকৰি।
‘অগ্নিপথ’ৰ বিভিন্ন বিভাগত ভৰ্তি হ’বলৈ কেনেধৰণৰ যোগ্যতা থাকিব লাগিব?
‘অগ্নিবীৰ জেনেৰেল ডিউটী’ত যোগদান কৰিবলৈ নিম্নতম যোগ্যতা ৪৫শতাংশ নম্বৰসহ উচ্চ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব। প্ৰতিটো বিষয়ত ৩৩% লাভ কৰাটো বাঞ্ছনীয়।
‘অগ্নিবীৰ টেকনিকেল’ত ভৰ্ত্তি হ’বলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, ইংৰাজীসহ বিজ্ঞান শাখাত ৫০% নম্বৰসহ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ আৰু প্ৰতিটো বিষয়ত ৪০% পোৱাটো বাধ্যতামূলক।
‘অগ্নিবীৰ ক্লাৰ্ক/ ষ্ট’ৰ কীপাৰ টেকনিকেল’ত ভৰ্ত্তি হ’বলৈ কলা,বিজ্ঞান, বাণিজ্য যিকো
নো শাখাত উচ্চতৰ মাধ্যমিকত ৬০% নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৰু ইংৰাজী,অংক, একাউন্টেন্সী, বুক কিপিং বিষয়ত ৫০% পোৱাটো বাধ্যতামূলক।
‘অগ্নিবীৰ ট্ৰেডমেন’ত ভৰ্তি হ’বলৈ প্ৰাৰ্থীগৰাকী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
ভাৰতীয় সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা মতে, ‘অগ্নিবীৰ’ৰ এই পদবোৰত ভৰ্তিৰ বাবে পঞ্জীয়ন জুলাই মাহৰ পৰা আৰম্ভ হ’ব। আবেদন কৰাসকলক প্ৰথমে ফিজিকেল ফিটনেছ টেষ্ট (পিএফটি) আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্টৰ (পিএমটি) সহায়ত বাছনি কৰা হ’ব। ইয়াৰ পিছতে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক মেডিকেল টেষ্ট কৰা হ’ব আৰু শেষত লিখিত পৰীক্ষা অনুষ্ঠিত কৰি বাছনি কৰা হ’ব।
‘অগ্নিপথ’ আঁচনিত ভৰ্তিৰ চৰ্তাৱলী
প্ৰাৰ্থীসকলক প্ৰশিক্ষণ ম্যাদসহ চাৰি বছৰৰ সেৱাৰ ম্যাদৰ বাবে সেৱাৰ আইন,১৯৫০ৰ অধীনত নামভৰ্তি কৰা হ’ব। অগ্নিবীৰসকলৰ নামভৰ্তি সেনা আইন ,১৯৫০ সাপেক্ষে হ’ব আৰু স্থল,বায়ু বা জলৰ দ্বাৰা য’তেই নিৰ্দেশ দিয়া হ’ব তালৈকে যাবলৈ দায়বদ্ধ হ’ব।
অগ্নিবীৰ সকলে কোনো ধৰণৰ পেঞ্চন বা গ্ৰেচুইটিৰ বাবে যোগ্য নহ’ব।