নিউজ ডেস্ক- আপুনি নিজৰ পেনকাৰ্ডখন আধাৰ কাৰ্ডখনৰ সৈতে লিংক কৰিলেনে; যদি নাই কৰা আজিয়েই কৰি লওক। নহ’লে আপুনি আয়কৰ আইনৰ অধীনত ১০০০ টকা জৰিমনা ভৰিব লাগিব।

ইনকাম টেক্স ডিপাৰ্টমেণ্টে পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ ধাৰ্য কৰিছে।

কিদৰে আপুনি পেনকাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব তলত উল্লেখ কৰা হ’ল-

১. প্ৰথমে আয়কৰ বিভাগৰ Websiteলৈ যাওক। portal: http://incometaxindiaefiling.gov.in/

২. বাওঁফালে থকা ”লিংক আধাৰ” বুটামত ক্লিক কৰক।

৩.এতিয়া পেন নম্বৰ, আধাৰ নম্বৰ, আধাৰ কাৰ্ডত থকা নাম আৰু Captcha কোড সন্নিবিষ্ট কৰক। আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ দিয়া হ’লে ইয়াত Right Tick কৰিব।

৪. এতিয়া ”লিংক আধাৰ” বুটামত ক্লিক কৰক। ইনকাম টেক্স ডিপাৰ্টমেণ্টে আপোনাৰ সম্পূৰ্ণ বিৱৰণ পৰীক্ষা কৰিব আৰু তাৰ পিছতেই আপোনাৰ পেন কাৰ্ড আধাৰৰ সৈতে লিংক হোৱা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব।

SMSৰ জৰিয়তেও লিংক কৰিব পাৰে-

এছ এম এছ যোগেও আপুনি আধাৰ কাৰ্ডখন পেন কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। আপোনাৰ ৰেজিষ্টাৰ্ড ম’বাইলৰ পৰা 567678 অথবা 56161 নম্বৰলৈ এছ এম এছটো প্ৰেৰণ কৰক।

আপোনাৰ ফোনত UIDPAN টাইপ কৰি তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক, স্পেচ দি ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰি 567678 or 56161 নম্বৰলৈ এছ এম এছটো পঠিয়াই দিয়ক।

অকাৰ্যকৰী পেন কাৰ্ডক কেনেদৰে পুনৰ কাৰ্যকৰী কৰিব -(Activate PAN card)

অকাৰ্যকৰী পেন কাৰ্ডক পুনৰ কাৰ্যকৰী কৰিবলৈ আপুনি এটা SMS কৰিব লাগিব।

আপোনাৰ ৰেজিষ্টাৰ্ড ম’বাইলৰ পৰা ১২টা সংখ্যাযুক্ত পেন নম্বৰ আৰু ১০টা সংখ্যাযুক্ত আধাৰ নম্বৰ সন্নিবিষ্ট কৰাৰ পিছত আপুনি 567678 বা 56161 নম্বৰলৈ SMS প্ৰেৰণ কৰিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply