নিউজ ডেস্কঃ বৰ্তমান সময়ত হোৱাটছএপ এটা খুবেই জনপ্ৰিয় ম’বাইল এপ। হোৱাটএপৰ বিশ্বব্যাপী দুই বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী আছে আৰু ব্যৱহাৰিকভাৱে সকলোৰে বাবে আটাইতকৈ জনপ্ৰিয় মেচেজিং এপ্লিকেচন।

অৱশ্যে, ব্যৱহাৰকাৰীসকলে এক ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া তেওঁলোকে অজ্ঞাত ব্যক্তি এজনক নম্বৰটো ম’বাইলত Save নকৰাকৈ টেক্স কৰিবলীয়া হয়।

অৰ্থাৎ, ফেচবুকৰ মালিকানাধীন মেচেজিং এপটোৱে ব্যৱহাৰকাৰীসকলক এটা unsaved নম্বৰ টেক্স কৰিবলৈ permission নিদিয়ে।

টেক্স কৰিবলৈ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ফোনত নম্বৰটো save কৰিব লাগিব আৰু তাৰ পিছত তেওঁলোকক টেক্সট কৰিবলৈ হোৱাটছএপ ব্যৱহাৰ কৰিব লাগিব।

কিন্তু এতিয়া ম’বাইলত নম্বৰ Save নকৰাকৈ আপুনি হোৱাটছএপত মেছেজ কৰিব পাৰিব।

লগতে পঢ়কঃনতুন বিশ্ব অভিলেখ ৰচনাৰে সুমিত এন্টিলে পেৰালিম্পিকত ভাৰতৰ বাবে দ্বিতীয়টো স্বৰ্ণ জয়

ইয়াৰ বাবে আপুনি ম’বাইল Browser অপেন কৰি URL ত http://wa.me/xxxxxxxxxx টাইপ কৰিব লাগিব।

xxxxx ঠাইত আপুনি country code টাইপ কৰি যাৰলৈ মেছেজ কৰিব তেওঁৰ ম’বাইল নম্বাৰটো লিখি দি enter press কৰিব। যেনেঃ http://wa.me/ ৯১৭৫৬৯0——-

তাৰ পিছতে আপুনি দিয়া নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এটা পেজ খুলিব। য’ত আপুনি দিয়া নম্বৰলৈ বাৰ্তা এটা প্ৰেৰণ কৰাৰ বাবে option থাকিব। option ত ক্লিক কৰাৰ পাছতেই আপুনি হোৱাটছএপত সেই নম্বৰটোলৈ মেছেজ পঠিয়াব পাৰিব।

এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটা ফোনৰ বাবে এই পদ্ধতিয়ে কাম কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply