নিউজ ডেস্ক: ঘূৰ্ণিবতাহ ‘অশনি’য়ে অহা ৫ দিনত অসম তথা উত্তৰ-পূবত তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত উত্তৰ-পূবৰ বিভন্ন স্থানত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড বতাহ, বৰষুণ অহাৰ পূৰ্বানুমান কৰিছে।
এই তীব্ৰ ঘূৰ্ণিবতাহে ইতিমধ্যে ভাৰত মহাগৰৰ উত্তৰ দিশত আৰম্ভ হৈ এতিয়া দক্ষিণ-পূব বংগোপসাগৰ দিশে গতি কৰা দেখা গৈছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে।
‘অশনি’য়ে ১১৮ৰ পৰা ২২০ কিঃমিঃ প্ৰতি ঘণ্টাৰ বেগত গতি কৰি পূব-মধ্য বংগোপসাগৰৰ ওপৰত যথেষ্ট শক্তিশালী ঘূৰ্ণিবতাহৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে বুলি পূৰ্বানুমান কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ মতে ৯ মে’ৰ পৰা ১২ মে’ৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ পৰিব পাৰে।
৯ মে’ৰ বতৰৰ আগজাননী অনুসৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু তামিলনাডুত ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ পৰাৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধুমুহা গাজনিৰে ধাৰাসাৰ বৰষুণ আহিব পাৰে।
লগতে পঢ়ক – ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ এইজন যুৱকে