নিউজ ডেস্ক : মণিপুৰত অসম ৰাইফলছৰ বৃহৎ সাফল্য। মণিপুৰত অসম ৰাইফলছে জব্দ কৰিলে ৫০০ কোটিৰ ড্ৰাগছ। এগৰাকী মহিলাৰ ঘৰৰ পৰা উদ্ধাৰ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।

মণিপুৰৰ মৰে’ত অসম ৰাইফালছে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই জব্দ কৰা হয় ৫০০ কোটিৰ ড্ৰাগছ।

জব্দকৃত ড্ৰাগছ সমূহৰ ভিতৰত আছে ৫৪ কেজি ব্ৰাউন ছুগাৰ, ১৫৪ আইচ মেথ আৰু বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট। অৱশ্যে মহিলা গৰাকী বর্তমানেও পলাতক অৱস্থাত আছে।

লগতে পঢ়ক : ‘গোলাপী জামুৰ লগ্ন’ৰ কবি নীলমনি ফুকনলৈ জ্ঞানপীঠ বটাঁ

মহিলা গৰাকী ম্যানমাৰলৈ পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মহিলা গৰাকী স্বামী চীনৰ বাসিন্দা। স্বামীৰ লগত মিলি মহিলা গৰাকীয়ে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ আনিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply