প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: বুধবাৰে নিশা এক প্ৰবল ভূমিকম্পই জাপানৰ বৃহৎ অঞ্চল কঁপাই যায়। বৃহস্পতিবাৰে দেশখনৰ চৰকাৰী সূত্ৰই জনোৱা মতে উক্ত ভূমিকম্পত এই পৰ্য্যন্ত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুকেইজন লোক আহত হৈছে।

জানিব পৰা মতে বুধবাৰে মাজনিশা জাপানৰ উত্তৰ-পূব অংশত অহা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৭.৪।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ জাপানৰ ফুকুছিমা উপকূল অঞ্চলত এজন লোকে প্ৰাণ হেৰোৱাৰ বিপৰীতে মিয়াগী অঞ্চলত দ্বিতীয়জন লোকৰ মৃত্যু হয়।

উক্ত ভূমিকম্পৰ পিছতে ৰাজধানী টকিঅ’কে ধৰি জাপানৰ উত্তৰ-পূব অংশ অন্ধকাৰত ডুব যায়। আনহাতে প্ৰথমটো ভূমিকম্পৰ কেইমিনিটমান পিছতে একেটা অঞ্চলতে পুনৰ ৬.১ প্ৰাবল্যৰ আন এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

লগতে পঢ়ক – ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামত নামাকৰণ অসমৰ চাহৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply