নিউজ ডেস্কঃ ভয়ংকৰ! এডাল প্ৰকাণ্ড কিং কোব্ৰাৰ লগত জীৱন-মৰণৰ খেলা যুৱকৰ। সাপডালক নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যুৱকজনে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। চাওক ভিডিঅ’টো-
ভিডিঅ’টোত মাইক হলষ্টন নামৰ এজন যুৱকে খালী হাতেৰে ১২ফুট দীঘল এটা কিং কোব্ৰাৰ নেজত ধৰি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। মাইকে সাপটোৰ মূৰৰ তলৰ অংশটো ধৰিবলৈ চেষ্টা কৰে। সাপটো মাটিৰ পৰা উঠাই নিবলৈ চেষ্টা কৰোতেই তেওঁৰ ফালে খেদি আহে। মাইক হলষ্টন কোনোমতে সাপটোৰ আক্ৰমণৰ পৰা বাচি যায়।
এই দুঃসাহসিক ভিডিঅ’টো মাইক হলষ্টনে নিজেই ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। ভিডিঅ’টো পোষ্ট কৰি মাইকে লগতে লিখিছিল যে ১২ফুট দীঘল এটা কিং কোব্ৰা সাপ। তেওঁ গাঁৱৰ ৰাস্তাত সাপটো দেখিছিল আৰু সাপটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। মাইকে এইটোও উল্লেখ কৰিছিল যে প্ৰকাণ্ড কিং কোব্ৰাটোৱে তেওঁৰ জীৱনো ল’ব পাৰিলেহেঁতেন।
ভিডিঅ’টো প্ৰত্যক্ষ কৰি বহুতে নানা ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনোৱে লিখিছে, ‘ইমান বিষাক্ত এটা সাপক চম্ভালিছে, সেয়াও তেওঁৰ খালী হাতেৰে। মৃত্যুৰ লগত খেলা কৰিছে।’
কোনোৱে লিখিছে, ‘ৰজাক অকলে এৰি দিয়াটোৱে উত্তম।’
এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ৫.৬মিলিয়ন লোকে প্ৰত্যক্ষ কৰিছে।