নিউজ ডেস্কঃ এফালে ‘অগ্নিপথ’ আঁচনিক লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী আন্দোলন আনফালে, অগ্নিবীৰত ভৰ্তি হ’বলৈ উঠি পৰি লাগিছে একাংশ। ‘অগ্নিপথ’ আঁচনিত নিযুক্তি অধিসূচনা জাৰী কৰাৰ ছয় দিনৰ ভিতৰতে বায়ুসেনাত ভৰ্তিৰ বাবে প্ৰায় দুই লাখতকৈও অধিক যুৱক-যুৱতীয়ে আবেদন কৰিছে। প্ৰথম বছৰত ভাৰতীয় বায়ু সেনাই অগ্নিপথ আঁচনিত মাত্ৰ ৩,০০০ যুৱক-যুৱতীকহে নিযুক্তি দিব।

অগ্নিপথ আঁচনিত নিযুক্তি প্ৰক্ৰিয়া ৫ জুলাইত সমাপ্ত হ’ব। ‘বৰ্তমানলৈকে ২লাখ ১হাজাৰজনে বায়ুসেনাত আবেদন কৰিছে। অগ্নিপথত নিযুক্তি প্ৰক্ৰিয়া ৫ জুলাইত সমাপ্ত হ’ব।’ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ অশোক ভূষণে বুধবাৰে টুইট কৰি এই বিষয়ে উল্লেখ কৰে।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ স্থল সেনা, নৌসেনা আৰু বায়ু সেনাত নিযুক্তিৰ বাবে অগ্নিপথ আঁচনিৰ ঘোষণা কৰিছিল। ইয়াৰ পিছত ২৪ জুনত অগ্নিপথ আঁচনিত ভৰ্তিৰ বাবে প্ৰথম নিযুক্তি জাননী বায়ুসেনাই মুকলি কৰে। সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাতেই এই বৰ্ষত মুঠ ৪৬হাজাৰ অগ্নিবীৰক নিযুক্তি দিয়া হ’ব। ইয়াৰ ভিতৰত বায়ুসেনা নিযুক্তি দিয়া হ’ব তিনিহাজাৰ জন।
লগতে পঢ়কঃকেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আছাম ৰাইফলছত নিযুক্তিৰ বাবে ১০ শতাংশ পদ অগ্নিবীৰৰ বাবে সংৰক্ষিত কৰাৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply