নিউজ ডেস্ক : উত্তৰ প্ৰদেশত পাচলি বিক্ৰী কৰিছে এগৰাকী আই এ এছ বিষয়াই। অখিলেশ মিশ্ৰা নামৰ আই এ এছ বিষয়াগৰাকীয়ে পাচলি বিক্ৰী কৰি থকা ফটো এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এটা ফেচবুক পোষ্টত এই ফটোখন আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে আই এ এছ বিষয়াই পাচলি বিক্ৰী কৰি থকা ফটোখন।

পিছে চাকৰি এৰি সঁচাকৈ পাচলি বেপাৰত ধৰিছে নেকি উত্তৰ প্ৰদেশৰ আই এ এছ বিষয়াই!আচলতে এই ছবিখন ধেমালিতে তোলা এখন ছবি। প্ৰয়াগৰাজৰ পৰা লক্ষ্ণৌ গৈ থকা সময়ত বাটতে পাচলি কিনিবলৈ নামিছিল আই এ এছ বিষয়া অখিলেশ মিশ্ৰা। যিখন দোকানত পাচলি কিনিবলৈ ৰৈছিল দোকানখনত আছিল এগৰাকী আদবয়সীয়া বৃদ্ধা।

সেইসময়তে বৃদ্ধাগৰাকীয়ে কিবা জৰুৰী কামত নিজৰ পাচলি দোকানখনৰ পৰা আঁতৰি গৈছিল। বৃদ্ধাগৰাকীয়ে অলপ সময়ৰ বাবে দোকানখন চাবলৈ অনুৰোধ জনাইছিল আই এ এছ বিষয়াগৰাকীক। সেইসময়তে জোতা খুলি দোকানত বহি গৈছিল আই এ এছ বিষয়া অখিলেশ মিশ্ৰা। তেতিয়াই লগৰ এজনে এই ফটোবোৰ তুলি ছচিয়েল মিডিয়াত দিছিল।

লগতে পঢ়ক : ”বীৰ লাচিত সেনাক ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই বিজেপি-আৰ এছ এছৰ বি-টীমলৈ পৰ্যবসিত কৰিছে”

আই এ এছ বিষয়া অখিলেশ মিশ্ৰাই কয় যে ফটো তোলাৰ আঁৰত কোনো বেলেগ উদ্দেশ্য নাই। ইয়াৰ দ্বাৰা চৰকাৰৰ ভৱমূৰ্তি নষ্ট কৰাৰোঁ ইচ্ছা নাই। লগৰজনে ধেমালিতে ফটো তুলি তেওঁৰেই মোবাইলেৰে ফেচবুকত আপলোড কৰি দিছিল। উল্লেখ্য যে সেই অলপ সময়তে কেইবাগৰাকীও গ্ৰাহকক পাচলিও বিক্ৰী কৰা বুলি মন্তব্য কৰে অখিলেশ মিশ্ৰাই। অখিলেশ মিশ্ৰা হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ সচিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply